অসম এছোচিয়েছন দিল্লীৰ প্লেটিনাম জয়ন্তী উদযাপন

অসম এছোচিয়েছন দিল্লীৰ প্লেটিনাম জয়ন্তী উদযাপন

প্ৰেছ বিজ্ঞপ্তি

অসম এছোচিয়েছন দিল্লীৰ প্লেটিনাম জয়ন্তী উদযাপন

ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ অঞ্চলত বসবাস কৰা অসমবাসী লোকসকলক লৈ গঠন কৰা অসম এছোচিয়েছন দিল্লীৰ প্ৰতিষ্ঠাপনৰ ৭৫ সংখ্যক বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে চলিত বৰ্ষ ২০২৩ৰ শেষ ভাগত প্লেটিনাম জয়ন্তী উদযাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে ।
উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ ১৯৪৭ বৰ্ষতেই অসম এছোচিয়েছন দিল্লীৰ প্ৰতিষ্ঠা হৈছিল। সেই অনুসৰি এই প্লেটিনাম জয়ন্তী ভাৰতৰ ৭৫ত্বম স্বাধীনতা বৰ্ষৰ আজাদী কি অমৃত মহুৎসৱৰ বিষয়বস্তু সহ অনুষ্ঠান উদযাপন কৰা হব আৰু বিভিন্ন কাৰ্যক্ৰম যেনে- সাংস্কৃতিক অনুষ্ঠান, আলোচনা চক্ৰ, সত্ৰীয়া কৰ্মশালা, ভাওনা , অসমৰ বহু সাংস্কৃতিক পৰম্পৰা, ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদানৰ ওপৰত কৰ্মশালা আদিৰ পৰিকল্পনা কৰা হৈছে।
এই অনুষ্ঠানটো সফলভাৱে সমাপ্ত কৰাৰ বাবে অসম এছোচিয়েছন দিল্লীয়ে সকলো শুভাকাংক্ষীলৈ অংশগ্ৰহণ আৰু সহযোগিতাৰ বাবে অনুৰোধ জনাইছে।

অসম এছোচিয়েছন দিল্লীৰ হৈ

Event Date: 
Tuesday, July 18, 2023 - 16:00