ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি স্মৃতিচাৰণ সভা
ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি স্মৃতিচাৰণ সভা
অসম সাহিত্য সভা , দিল্লী শাখাই ৫ নবেম্বৰ , ২০২২ তাৰিখ শনিবাৰে বিয়লি ৪ বজাত শঙ্কৰদেৱ ভৱনত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি উপলক্ষে এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰে ৷
সভাৰ আৰম্ভণিতে সম্পাদকৰ অনুৰোধক্রমে সভাপতি কর্ণেল জিতেন হাজৰিকাদেৱে আসন গ্রহণ কৰে আৰু তাৰ পৰৱর্তী কার্যসূচীত সভাৰ প্রতীকগীত "চিৰ চেনেহী ..." পৰিৱেশন কৰা হয় ৷ সম্পাদকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছত পৰৱর্তী কার্যসূচী হিচাপে ভূপেন হাজৰিকাদেৱৰ প্রতিচ্ছবিৰ সন্মুখত সভাপতিয়ে বন্তি প্রজ্জ্বলন কৰে আৰু উপস্থিত ৰাইজে শ্রদ্ধা তর্পণ কৰে ৷
পৰৱর্তী কার্যসূচীত দিব্যজিৎ দত্তদেৱে সুধাকণ্ঠৰ বিশাল ব্যক্তিত্বৰ ওপৰত চমূ বক্তৃতা প্রদান কৰে ৷ তাৰ পাছত ত্রিদীপ শইকীয়াদেৱে সুধাকণ্ঠৰ অপাৰ জনপ্রিয়তা তথা সৰল মনৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও তেখেতৰ সৈতে থকা ব্যক্তিগত অভিজ্ঞতাসমূহ ব্যাখ্যা কৰি চমু ভাষণ আগবঢ়ায় ৷ ইয়াৰ পাছত প্রাঞ্জল বৰুৱা , অংশুমান বৰুৱা , শর্মীষ্ঠা বর্মন , ইৰাণী শইকীয়ায়ো সুধাকণ্ঠৰ বিৰল জনপ্রিয়তাৰ ওপৰত দুআষাৰ কয় ৷ বক্তৃতাসমূহৰ মাজে মাজে শ্যামলিমা কাকতি , ইৰাণী শইকীয়া আৰু ৰীম পাঠকে ভূপেন্দ্র সঙ্গীত পৰিৱেশন কৰি সুধাকণ্ঠক শ্রদ্ধাৰে সোঁৱৰে ৷
সভাৰ শেষত সভাপতি ডাঙৰীয়াই ভূপেনে হাজৰিকাদেৱৰ সৈতে তেখেতৰ উল্লেখযোগ্য ব্যক্তিগত অভিজ্ঞতাসমূহক সামৰি সংস্কৃতৰ শ্লোকেৰে মহান শিল্পীগৰাকীৰ কলাবোধ আৰু শিল্পীসত্বাৰ ব্যাখ্যা দি সুন্দৰ বক্তৃতা আগবঢ়ায় ৷
অৱশেষত অসমৰ জাতীয় সঙ্গীত পৰিৱেশন কৰি সভাভঙ্গ কৰা হয় ৷
বিনীতা
শর্মীষ্ঠা বর্মন ( চৌধুৰী )
সম্পাদক
অসম সাহিত্য সভা , দিল্লী শাখা ৷
Post date:
06/11/2022 - 12:39
Event Date:
Saturday, November 5, 2022 - 17:00