Activity Report of Assam Association Delhi 2020 in Assamese

Activity Report of Assam Association Delhi 2020 in Assamese

অসম এছ'চিয়েচন দিল্লীৰ নতুন কাৰ্য্যবাহী সমিতিয়ে ৭ ছেপ্টেম্বৰ ২০১৯ তাৰিখে শ্ৰীমন্ত্ শংকৰদেৱ ভৱনত দায়িত্ব গ্ৰহণ কৰিছিল। দায়িত্ব গ্ৰহণ অনুষ্ঠানৰ সভাপতিত্ব কৰিছিল শ্ৰী অচ্যুত শইকীয়া দেৱে আৰু যত পুৰণি আৰু নতুন দুয়োখন সমিতিৰ সদস্য- সদস্যা সভাত অংশগ্ৰহণ কৰিছিল। দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই , নতুন সমিতিয়ে নিম্নলিখিত বিভিন্ন কাৰ্যকলাপ আৰম্ভ কৰে যেনে-
১. ড০ দিলীপ দত্ত দেৱৰ মৃত্যুত শোকসভা - ২৮ চেপ্তেম্বৰ তাৰিখে প্ৰখ্যাত শিক্ষাবিদ ও ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ পূৰ্ব-অধ্যাপক ড০ দিলীপ দত্ত দেৱৰ আকস্মিক মৃত্যুত শোকসভা অনুষ্ঠিত কৰা হৈছিল আৰু আত্মাৰ সদ্‌গতিৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয়।
২. কাৰ্টেইন ৰেইজাৰ অনুষ্ঠানত অংশগ্ৰহণ - অসম এছ'চিয়েচন দিল্লীয়ে আগন্তুক ও নিৰ্ধাৰিত অনুষ্ঠিত হবলগা নৰ্থ ইষ্ট এক্সপো'- ২০১৯ বাবে ১৫ অক্টোবৰ ২০১৯ তাৰিখে অনুষ্ঠিত কাৰ্টেইন ৰেইজাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানত অসম এছ'চিয়েচন দিল্লীয়ে ৰাষ্ট্ৰীয় সংগীত আৰু অসমৰ জাতীয় গীত "অ’ মোৰ আপোনাৰ দেশ " পৰিৱেশন কৰিছিল ।
৩. নৰ্থ ইষ্ট এক্সপো' ২০১৯ -ত অংশগ্ৰহণ - ২-৩ নৱেম্বৰ ২০১৯ তাৰিখে অনুষ্ঠিত ‘নৰ্থ ইষ্ট এক্সপো – ২০১৯’ হেৰিটেজ বিল্ডিং, লেডী আৰউইন কলেজ, চিকান্দাৰা ৰোড, নতুন দিল্লীত অনুষ্ঠিত হোৱা ‘ খাদি ফেশ্বন শ্ব'ত’ অংশগ্ৰহণ কৰিছিল।
৪. মাঘ বিহুৰ উদযাপন ২০২০ চনৰ ১৯ জানুৱাৰীত মাঘ বিহুৰ উদযাপন শ্ৰীমন্ত্ শংকৰদেৱ ভৱনত বিভিন্ন কাৰ্যসুচীৰে যেনে খেল ধেমালিৰ আয়োজন, চিত্ৰাক্ৰন প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচী আদিৰে পালন কৰা হৈছিল । এইবাৰ যদিও বিনয় মাৰ্গ, চাণক্যপুৰীৰ খেলপথাৰ ক্ষেত্ৰখনত অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহন কৰা হৈছিল, কিন্তু দিল্লীত অপ্ৰত্যাশিত ভাৱে কেবৰ প্ৰতি বিক্ষোভৰ বাবে শেষ অৱস্থাত শ্ৰীমন্ত্ শংকৰদেৱ ভৱনলৈ স্থানান্তৰ কৰিব লগা হৈছিল । বিহুৰ উৰুকাও ১৮ জানুৱাৰী নিশাত একে স্থানত পালন কৰা হৈছিল। অনুষ্ঠানত বিভিন্ন কাৰ্যকলাপৰ আয়োজন কৰা হৈছিল যেনে পতাকা উত্তোলন, মেজি প্ৰজ্জলন, শিশুসকলৰ মাজত চিত্ৰাক্ৰন প্ৰতিযোগিতা, মহিলাসকলৰ মাজত মিউজিকেল চেয়াৰ প্ৰতিযোগিতা, মহিলাসকলৰ মাজত মুখত চামুচ লৈ দৌৰ প্ৰতিযোগিতা, ৪০ বছৰ বয়স আৰু ওপৰৰ লোকৰ মাজত সংগীত প্ৰতিযোগিতা, শিশু গোটৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন, 'সময়িক' আলোচনীৰ উন্মোচন, ড০ বনজিত মজুমদাৰৰ যাদু প্ৰদৰ্শন, তাম্বুলা খেল ধেমালিৰ আয়োজন ইত্যাদি। অনুষ্ঠানত ৩০০+ অংশগ্ৰহণকাৰী উপস্থিত আছিল। অনুষ্ঠানত সামুহিক ভোজৰ ব্যৱস্থা কৰা হৈছিল।
৫ . অশোক ভগৱতীৰ দেৱৰ মৃত্যুত শোকসভা - ৩ ফেব্ৰুৱাৰী ২০২০ত তাৰিখে অশোক ভাগৱতী দেৱৰ আকস্মিক মৃত্যুত শোকসভা অনুষ্ঠিত কৰা হৈছিল আৰু আত্মাৰ সদ্‌গতিৰ বাবে দুই মিনিটৰ মৌন প্ৰাৰ্থনা কৰা হয়।
৬ . গণৰাজ্য দিৱস উদযাপন - ২৬ জানুৱাৰী, ২০২০ত শ্ৰীমন্ত্ শংকৰদেৱ ভৱনত পুৱা ১০ বজাত গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই দিৱসত পতাকা উত্তোলন কৰিছিল সভানেত্ৰী স্ত্ৰীমতী অঞ্জলী বৰুৱাদেৱীয়ে । আন কেইজনমান সদস্য সদস্যাই দিনটোৰ তাৎপৰ্য বৰ্ণনা কৰে ।

৭. অসম মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল দেৱৰ সৈতে অন্তৰঙ্গ আলাপ
অসম মুখ্যমন্ত্ৰী মাননীয় শ্ৰী সৰ্বানন্দ সোনোৱাল দেৱে দিল্লী আৰু এন-চি-আৰ অঞ্চলত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজৰ সৈতে এক অন্তৰঙ্গ আলাপ ৪ ফেব্ৰুৱাৰী, ২০২০ত শ্ৰীমন্ত্ শংকৰদেৱ ভৱনত অংশগ্ৰহণ কৰে। প্ৰায় ২৫০-৩০০ লোকৰ উপস্থিতিত এই অনুষ্ঠান আৰম্ভ হৈছিল। পিছত, শ্ৰীমন্ত্ শংকৰদেৱ ভৱন নৱীকৰণৰ বাবে ৪৮.৬ লাখ টকাৰ বিত্তীয় সাহয্যৰ বাবে এখন স্মাৰকপত্ৰ সভানেত্ৰী স্ত্ৰীমতী অঞ্জলী বৰুৱাদেৱীয়ে দাখিল কৰে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল দেৱে প্ৰয়োজনীয় পুজীৰ যোগানৰ বাবে আশ্বাসন প্ৰদান কৰে।
৮ . শ্ৰী গৌৰী শংকৰ কলিতা দেৱলৈ সম্বৰ্ধনা
৩ মাৰ্চ ২০২০ তাৰিখে শ্ৰী গৌৰী শংকৰ কলিতা দেৱলৈ সম্বৰ্ধনা জনোৱা হৈছিল । নৱ প্ৰজন্মৰ মাজত বৃক্ষ ৰোপণক উদগনি দিবলৈ শ্ৰী গৌৰী শংকৰ কলিতাই অসমৰ পৰা দিল্লী চহৰলৈ ২০০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব খোজ কাঢ়ি নতুন দিল্লীত উপস্থিত হৈছিল । তেওঁক শ্ৰীমন্ত্ শংকৰদেৱ ভৱনলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু সম্বৰ্ধনা জনোৱা হৈছিল। পিছত তেওঁ শ্ৰীমন্ত্ শংকৰদেৱ ভৱনৰ চৌহদত এজোপা বৃক্ষৰোপণ কৰে।
৯ . শ্ৰীমতী নিজৰা ফুকন দেৱীলৈ সম্বৰ্ধনা
শ্ৰীমতী নিজৰা ফুকন দেৱীয়ে অসমৰ চৰাইদেও জিলাৰ পৰা খোজ কাঢ়ি ২৫০০ ++ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি নতুন দিল্লীত উপস্থিত হৈছিল । ভৱিষ্যত প্ৰজন্মৰৰ বাবে পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰদান বাবে তেখেতে যাত্ৰা কৰিছিল । তেওঁৰ প্ৰচেষ্টাৰ বাবে অসম ভৱনত ৮ মাৰ্চ ২০২০ তাৰিখে তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল ।
১০. ৰঙালী বিহু উদযাপন
ৰঙালী বিহু উদযাপন বাবে চেক্টৰ -১, আৰ-কে- পুৰম, সমাজ সদনৰ খেলপথাৰ ক্ষেত্ৰখনত পালনৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু কভিড -১৯ মহামৰিৰ আকস্মিক বিয়পি পৰাৰ বাবে আৰু চৰকাৰে আৰোপ কৰা লক ডাউন প্ৰতিবন্ধকতাৰ বাবে অন্তিম অৱস্থাত অনুষ্ঠানটো বাতিল কৰিব লগিয়া হয় ।
১১. মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল দেৱৰৰ সৈতে সাক্ষাৎ
অসম এছ'চিয়েচন দিল্লীৰ এটি প্ৰতিনিধি দলে - শ্ৰীমতি অঞ্জলী বৰুৱা, ড০ নীলমনি শৰ্মা, শ্ৰী দিব্যজিৎ দত্ত আৰু শ্ৰী প্ৰদীপ শৰ্মায়ে ২১ ছেপ্টেম্বৰ ২০২০ তাৰিখে মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল দেৱক তেখেতৰ দিল্লীৰ বাসভৱনত সাক্ষাৎ কৰিছিল। আধা ঘণ্টাৰ বাৰ্তালাপৰ সময়ত, বিশেষকৈ দিল্লীৰ অঞ্চলত বসবাস কৰা অসমৰ বিভিন্ন লোকৰ বিভিন্ন বিষয়বোৰ আলোচনা কৰা হৈছিল আৰু তেখেতৰ পৰা সহায়- সুবিধা বিচাৰিছিল। তাৰ পিছত শ্ৰীমন্ত্ শংকৰদেৱ ভৱন নৱীকৰণৰ বাবে প্ৰতিশ্ৰুতি দিয়া ৪৮.৬ লাখ টকাৰ বিত্তীয় সাহায্যৰ অনুৰোধ উত্থাপন কৰা হৈছিল। এই পৰিপ্ৰেক্ষিতত, মুখ্য মন্ত্ৰীদেৱে জনায় যে ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে অসম চৰকাৰক নিৰ্দেশ দিয়া হৈছিল। বৰ্তমানৰ স্থিতি জানিবলৈ, তেওঁ তৎক্ষণাৎ অসম সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগ কৰিছিল আৰু ইয়াক ইতিবাচকভাৱে নিশ্চিত কৰিছিল। মাননীয় শ্ৰী সৰ্বানন্দ সোনোৱাল দেৱে তেওঁৰ পৰা বিচৰাতকৈ অসম এছ'চিয়েচন দিল্লীক অধিক সহায় প্ৰদান কৰিব সেইটো নিশ্চিত কৰিছিল ।
১২ . সত্ৰীয়া মহাবিদ্যালয়ৰ পুনৰুদ্ধাৰৰ বাবে পৰিকল্পনা দাখিল
শ্ৰীমন্ত্ শংকৰদেৱ ভৱনত চলি থকা সত্ৰীয়া মহাবিদ্যালয়ৰ পুনৰুজ্জীৱিতকৰণ পৰিকল্পনা সম্পৰ্কে বিভিন্ন বিষয়ৰ ওপৰত সংগীত নাটক একাডেমীৰ উপ- সচিব শ্ৰী ৰাজু দত্তৰ সৈতে তেখেতৰ নতুন দিল্লীস্থ ফিৰোজ শ্বাহ ৰোডৰ ৰবীন্দ্ৰ ভৱনত তেওঁৰ কোঠাত আলোচনা কৰা হৈছিল। তাৰ পিছত বিজ্ঞাপন অনুসৰি তেওঁলোকৰ আঁচনি "সাংস্কৃতিক প্ৰতিষ্ঠানৰ বিত্তীয় সাহয্য" অধিনত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ৩০ ছেপ্টেম্বৰ ২০২০-ত দাখিল কৰা হৈছিল। সত্ৰীয়া মহাবিদ্যালয়ৰ পুনৰুদ্ধাৰৰ বাবে দাখিল কৰা মুঠ বাজেট আছিল ৫ বছৰৰ বাবে ৬০.৮২ লাখ টকা যাৰ ভিতৰত সংগীত নাটক একাডেমীৰ পৰা বিধান অনুসৰি কিছু পৰিমাণ ৰখা হৈছে।

১৩. শ্ৰীমন্ত্ শংকৰদেৱ ভৱনৰ বিত্তীয় পৰিস্থিতি উন্নত কৰাৰ পদক্ষেপ
কভিড – ১৯ মহামাৰীৰ পৰিপেক্ষিতত ও লকডাউনৰ পৰিস্থিতিত ভৱন বন্ধ ৰাখিব লগীয়া পৰিস্থিতিৰ বাবে, শ্ৰীমন্ত্ শংকৰদেৱ ভৱনৰ ৰাজহ উপাৰ্জন প্ৰায় শূন্য হৈ পৰিছিল । সেয়েহে বিত্তীয় সংকট পৰিস্থিতিৰ পৰা মুক্ত ও উন্নত কৰিবলৈ বিভিন্ন কাৰ্যপন্থা গ্ৰহন কৰিব লগীয়া হৈছিল যেনে-
ক বিদ্যুতৰ লোড ৫৬KWHৰ পৰা ২৭ KWHলৈ হ্ৰাস কৰা হৈছিল।
খ অপ্ৰয়োজনীয় ব্যয় হ্ৰাস কৰা, লিকেজ চিনাক্ত কৰন আৰু উন্নত কৰন
গ পুঁজি সংগ্ৰহ উন্নত কৰন আদি

১৪. স্বাধীনতা দিৱস উদযাপন
১৫ আগষ্টত শ্ৰীমন্ত্ শংকৰদেৱ ভৱনত ৭৪তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। ইয়াত পতাকা উত্তোলন কৰিছিল উপ-সভানেত্ৰী শ্ৰীমতী দিপাঞ্জলী দত্তই । । আন কেইবাজনমান সদস্য সদস্যাই দিনটোৰ তাৎপৰ্য বৰ্ণনা কৰিছিল।
১৫. কভিড -১৯ মহামাৰীৰ সময়ত আৱদ্ধ হৈ থকা লোকসকলৰ প্ৰতি সাহায্য
কভিড - ১৯ মহামাৰীৰ সময়ত দিল্লী আৰু দাতি কাষৰীয়া বহুতো অঞ্চল ও দেশৰ বিভিন্ন অঞ্চলত বহুতোলোক আৱদ্ধ হৈ পৰিছিল | তাৰ ভিতৰত কেইবাজনো কভিড - ১৯ +ve, কৰ্কট ৰোগী আদিও আছিল । তেওলোকৰ বিভিন্ন বিপদৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন সংস্থা. অনুস্থান, চৰকাৰ আদি যেনে ভাৰত চৰকাৰ, অসম চৰকাৰ, দিল্লী চৰকাৰ, নোডাল বিষয়া / কৰোনা নডেল বিষয়া , নিয়ন্ত্ৰণ কক্ষ, দিল্লীৰ কভিড - ১৯ চিকিৎসালয়ৰ নিয়ন্ত্ৰণ কক্ষ, স্পোনেৰ (উত্তৰ-পূব অঞ্চলৰ বাবে বিশেষ আৰক্ষী ইউনিট- দিল্লী আৰক্ষী), জিলাৰ উপায়ুক্ত, প্ৰভাৱিত লোক, সমাজ কেন্দ্ৰ, এনজিঅ', ব্যক্তি আদিৰ সৈতে প্ৰয়োজনীয় সমন্বয় স্থাপন কৰা হৈছিল। কেইবাটাও প্ৰতিষ্ঠান/ব্যক্তিৱে বিপদত পৰা পৰিয়াল/ব্যক্তিক বিত্তীয় সহায়/খাদ্য প্ৰদান কৰি আহিছিল। কভিড - ১৯ +ve ৰোগীৰ পৰিয়ালৰ উপদেশ লাভৰ অৰ্থে কেইবাজন চিকিৎসকৰ সদস্য সদস্যা সৈতে সমন্বয় স্থাপন কৰা হৈছিল যেনে ড. কুঞ্জহাৰী মেধি (বট্ৰা হস্পিটেল) ড. জয়েতা তালুকদাৰ (এ-ই-এম-ছ), ড. শলেন কুমাৰ (ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটি হস্পিটেল), ড. চন্দন বৰতামুলি (এলএনজেপি চিকিৎসালয়) ইত্যাদি। লগতে কেইবাটাও বেচৰকাৰী অনুষ্ঠান যেনে সৃষ্টি, বৰদৈচিলা ফাউণ্ডেছন, ড° বাণী বৰা আদিৰ সহযোগত প্ৰভাৱিত পৰিয়ালবোৰৰ যাত্ৰাত সহায় কৰা আৰু খাদ্যৰ ব্যৱস্থা কৰা হৈছিল। পৰিবহনৰ ব্যৱস্থা কৰিবলৈ সদস্যসকলৰ পৰা বৰঙণি সংগ্ৰহ কৰা হৈছিল।
১৬. অসম পৰা অহা কভিড - ১৯ ৰোগত মৃত্যুবৰণ কৰা মৃতদেহৰ অন্তিম সংস্কাৰ
পত্নীৰ চিকিৎসাৰ বাবে অসম পৰা অহা এজন ব্যক্তিয়ে ইয়াত কৰোনা +ve ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। কিন্তু তেওঁৰ মৃত্যুৰ ১0 দিনৰ পিছতহে এল-এন-জি-পি চিকিৎসালয়ত মৃত্যু বৰণ কৰা বাৰ্তা পোৱা যায়। মৃতদেহৰ চিনাক্ত কৰন আৰু মৃতদেহৰ অন্তিম সংস্কাৰ কৰা এটা প্ৰত্যাহ্বানজনক কাম আছিল। বিষয়টো অসম এছ'চিয়েচন দিল্লীৰৰ ওচৰলৈ আহিছিল আৰু এছ'চিয়েচনৰ সাধাৰন সম্পাদক শ্ৰীদিব্যজিৎ দত্ত নিজে মৰ্গতগৈ প্ৰয়োজনীয় মৃতদেহৰ চিনাক্তকৰণ, মৃতদেহটো এম্বুলেন্সত শ্মশানলৈ আনি অন্তিম সংস্কাৰ কৰিছিল । প্ৰক্ৰিয়াতোত শ্ৰীজয়দ্বীপ শুক্লা বৈদ্য (অসম ভৱন) আৰু স্পেনাৰ(উত্তৰ-পূব অঞ্চলৰ বাবে বিশেষ আৰক্ষী ইউনিট- দিল্লী আৰক্ষী) ৰে প্ৰয়োজনীয় সহায় কৰিছিল।
১৭. অসমীয়া কবিতা আবৃতি প্ৰতিযোগিতা
দিল্লী এন-চি-আৰ অঞ্চলত বাস কৰা অসমীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এক অন-লাইন অসম কবিতা আবৃতি প্ৰতিযোগিতা ২০২০ চনৰ জুলাই মাহত আয়োজন কৰা হৈছিল । প্ৰতিযোগিতাখন তিনিটা গোটত অনুষ্ঠিত হৈছিল - গোট ‘ক’ (শ্ৰেণী ৬ লৈকে), গোট ‘খ’ (শ্ৰেণী ৭ৰ পৰা শ্ৰেণী ১০) আৰু গোট ‘গ’ (শ্ৰেণী ১১ আৰু শ্ৰেণী ১২) । ৬০ ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ভিডিঅ' দাখিল কৰিছিল। বিভিন্ন দাতাৰ পৰা পুৰষ্কাৰৰ ধন সংগ্ৰহ কৰা হৈছিল । বিজয়ী আৰু আন সকলো অংশগ্ৰহণকাৰীৰ মাজত বঁটা বিতৰণ কৰা হৈছিল ।

১৮. ১২ বছৰ সম্পূৰ্ণ হোৱা যোগযোগৰ বিশেষ সংখ্যা প্ৰকাশ
১২ বছৰ সফলভাৱে সম্পূৰ্ণ হোৱা যোগযোগৰ বিশেষ সংখ্যা প্ৰকাশ কৰা হয় |
১৯ . ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ 36তম সাংস্কৃতিক কাৰ্য্য আৰু উৎপাদন গ্ৰাণ্ট আঁচনি
সংস্কৃতি মন্ত্ৰালয়ৰ অনুৰোধ অনুসৰি, ৩৬ তম সাংস্কৃতিক কাৰ্য্য আৰু উৎপাদন গ্ৰাণ্ট আঁচনিৰ অধিনত “23/04/2017 তাৰিখে অনুস্থিত কৰা ৰঙালী বিহু উদযাপনৰ” বাবে ১.৫ লাখ টকাৰ অনুমোদনৰ বাবে নিম্নলিখিত সামগ্ৰীবোৰ সংস্কৃতি মন্ত্ৰালয়ক দাখিল কৰা হৈছিল , যেনে – চি-এ প্ৰমাণিত প্ৰমাণপত্ৰ , 12-এ ফৰ্মত আৰু লগতে অনুষ্ঠানটোৰ এনাক্সাৰ ১ আৰু ২, ফটো, নিমন্ত্ৰণ কাৰ্ড, চছিয়েল মিডিয়া প্লেটফৰ্মত আপল'ড কৰা ভিডিঅ'ৰ লিংক, নিউজ পেপাৰ কাটিং ইত্যাদি।
২০. অজীৱন সদস্য সদস্যা নামভৰ্তিৰ বাবে বিশেষ অভিযান
অজীৱন সদস্য সদস্যা নামভৰ্তিৰ বাবে বিশেষ অভিযানৰ অধিনত সম্ভাৱ্য লোকৰ ওচৰত অভিযান আৰম্ভ কৰা হৈছিল। ইতিমধ্যে কেইবাজনো লোকসভা ৰাজ্যসভা সদস্যৰ ওচৰত গৈ তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰা হৈছিল আৰু অজীৱন সদস্য -সদস্যা নামভৰ্তিৰ জৰিয়তে দিল্লীস্থ অসমীয়া সমাজক অধিক শক্তিশালী কৰিবলৈ অনুৰোধ কৰা হৈছিল। কিন্তু ক'ৰনাৰ বাবে এই প্ৰক্ৰীয়া টো বিৰতিপ্ৰাপ্ত হয়। এই অভিযান সোনকালে পুনৰুজ্জীৱিত হ'ব বুলি আশা কৰা হৈছে।
২১. অজীৱন সদস্য সদস্যা নামভৰ্তিৰ এই সময়ছোৱাত নতুন অজীৱন সদস্য -সদস্যা নামভৰ্তি সংখ্যা হৈছে ৫ জন আৰু আন ৬ জন অনুমোদনৰ বাবে অপেক্ষা কৰি আছে।
২২. আকস্মিক মৃত্যূত শোকসভা - নিম্নলিখিতসকলৰ আকস্মিক মৃত্যুৰ বাবে ১২ ডিচেম্বৰ ২০২০তাৰিখে দুই মিনিটৰ নীৰৱতাৰ সৈতে আত্মাৰ সদ্‌গতিৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয়।
ক) তৰুণ গগৈ
খ) অশোক ভাগৱতী
গ) অহীন্দ্ৰ লাল ভুঞা
ঘ) ড° জয়ন্ত মাধব ঙ) ড° গৌৰী কান্ত সন্দীকৈ
চ) উৎপলা বৰা
ছ) অভিজিত দিহিংগিয়া
জ) গৌৰী বৰ্মন

২৩. নতুন ট্ৰাষ্টী নিযুক্তি
সাংসদ শ্ৰী ভুবনেশ্বৰ কলিতা আৰু শ্ৰী নিৰঞ্জন কুলী দেৱক এছ'চিয়েচন আৰু ট্ৰাষ্টৰ যুটীয়া সভাত নতুন ট্ৰাষ্টী হিচাপে মনোনীত কৰা হৈছে।
ভূৱনেশ্বৰ কলিতাৰ দেৱ (জন্ম ১ এপ্ৰিল ১৯৫১)| তেওঁ এজন সামাজিক কৰ্মী, ৰাজনীতিবিদ আৰু বৰ্তমানৰ অসমৰ সংসদ সদস্য (ৰাজ্যসভা)। তেওঁ ১৯৭৪ চনত এম-এ আৰু ১৯৭৮ চনত এল-এল-বি গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা প্ৰাপ্তি কৰে । ইয়াৰ আগতে তেওঁ ১৯৭১ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা বি.এ. আৰু ১৯৬৭ চনত ৰঙীয়াৰ ৰঙীয়া উচ্চ বিদ্যালয়ৰ পৰা মেট্ৰিক পাচ কৰিছিল।
শ্ৰী নিৰঞ্জন কুলী দেৱ ডিব্রুগড়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু পিছত ১৯৮৯ চনত আই-আৰ-এছত যোগদান কৰিছিল। বৰ্তমান তেওঁ গুৰুগ্ৰামত মুখ্য আয়ুক্ত, আয়কৰ হিচাপে কাম কৰি আছে।
সমিতিখনে তেওঁলোকক নতুন ট্ৰাষ্টী হিচাপে স্বাগতম জনায় আৰু ভৱিষ্যতে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে।
২৪. যোগাযোগৰ মুদ্ৰন
যোগাযোগৰ মুদ্ৰিত কৰা সংখ্যা সমুহ -
২০১৯ ছেপ্টেম্বৰ, অক্টোবৰ (বিশেষ অসুবিঘাৰ বাবে নৱেম্বৰ, ডিচেম্বৰ সংখ্যা জানুৱাৰী মাহত মুদ্ৰীত হৈছিল)
২০২০ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ (বিশেষ অসুবিঘাৰ বাবে এপ্ৰিল মাহত মুদ্ৰীত নহৈছিল)
২০২১ জানুৱাৰী
২৫. সাময়িক মুদ্ৰন
সাময়িক মুদ্ৰিত কৰা সংখ্যা সমুহ
২০২০ – জানুৱাৰী, (কৰনাৰ বিশেষ অসুবিঘাৰ বাবে এপ্ৰিল মাহত মুদ্ৰীত নহৈছিল)
২০২১ – জানুৱাৰী
২৬. মাহিলী সংবাদ পত্ৰ ‘যোগযোগৰ’ উন্নতি কৰণ
মাহিলী সংবাদ পত্ৰ যোগযোগৰ উন্নতি কৰণৰ বাবে পদক্ষেপ লোৱা হৈছে। সিদ্ধান্ত লোৱা হৈছে যে সাধাৰণ সম্পাদক আৰু মেনেজিং ট্ৰাষ্টীয়ে প্ৰতি মাহত এছ'চিয়েচন ও ট্ৰাষ্টৰ বিভিন্ন কাৰ্যকলাপৰ বিষয়ে বাতৰি অৱদান দিব। লগতে এছ'চিয়েচন , ট্ৰাষ্টী সভা, যুটীয়া সভা আদিৰ গুৰুত্বপূৰ্ণ আলোচনা বিন্দুবোৰো যোগযোগত প্ৰকাশ কৰিব |
২৭. অসম এছ'চিয়েচন দিল্লীৰ ডাইৰেক্টৰি উন্নতি কৰণ
নতুন পুৰণি সদস্য সদস্যা সকলৰ ডাইৰেক্টৰি ডাটাবেছ উন্নত কৰা হৈ আছে । বিভিন্ন সংস্থা/ উদ্যোগ /ব্যৱসায়/ সংগঠন/ প্ৰতিষ্ঠান/ প্ৰাইভেট কোম্পানী আদি তালিকাৰ নতুন তালিকাভুক্ত কৰা হৈ আছে । মাজে মাজে ইয়াৰ বাবে বিভিন্ন প্লেটফৰ্মত বিজ্ঞাপন, জাননী আদি দি থকা হৈছে।
২৮. অসম এছ'চিয়েচন দিল্লীৰ ৱেবছাইট
অসম এছ'চিয়েচন দিল্লীৰ ৱেবছাইট টোৰ বাবে প্ৰয়োজনীয় বিল পৰিশোধ কৰা হৈছে আৰু পুনৰ সক্ৰিয় কৰা হৈছে। ৱেবছাইট টোৰ পুনৰ্জীৱিতকৰণৰ প্ৰক্ৰিয়া চলি আছে। অভিযান্ত্ৰিক মহাবিদ্যালয় যেনে এন-আই-টি, শিলচৰৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা ইয়াক এটি প্ৰকল্প হিচাপে ‘ডিজিটেল মঞ্চলৈ উন্নত কৰা’ পৰিকল্পনা কৰা হৈছে।
২৯. জ্যোতি দিৱস উদযাপন
দিল্লী এন -চি-আৰ অঞ্চলৰ কেইবাজনো লোকৰ উপস্থিতিত গুগল মিটিঙৰ যোগেৰে বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপৰ দ্বাৰা ২০২১ চনৰ ১৭ জানুৱাৰীত সন্ধিয়া ৮ বজা ৰ পৰা নিশা ১০ বজালৈ জ্যোতি দিৱস উৎযাপন কৰা হৈছিল। দুঘণ্টাৰ সতেজ পৰিবেশত , কেইবাজনো অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ প্ৰিয় জ্যোতি সংগীত, অন্যান্য সংগীত, বাদ্যযন্ত্ৰ পৰিবেশন আৰু আলোচনাত অংশগ্ৰহণ কৰিছিল ।
৩০. বাৰ্ষিক সাধাৰণ সভা
২৩ জানুৱাৰী ২০২১, শনিবাৰে শ্ৰীমন্ত্ শংকৰদেৱ ভৱনত বাৰ্ষিক সাধাৰণ সভা আয়োজন কৰা হৈছে। চৰকাৰে আৰোপ কৰা প্ৰতিবন্ধকতাৰ বাবে কেৱল কিছু সংখ্যক ব্যক্তিক শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ অনুমতি দিয়া হয়, সংখ্যাগৰিষ্ঠই ৱেবাইনাৰ লিংকৰ যোগেৰে যোগদান কৰাৰ ব্যবস্থা কৰা হৈছিল |
সাধাৰণ সম্পাদক

দিব্যজিৎ দত্ত
অসম এছ'চিয়েচন দিল্লী

Event Date: 
Saturday, January 23, 2021 - 16:00
Activity Report of Assam Association Delhi 2020 in Assamese by Dibyojit Dutta
Activity Report of Assam Association Delhi 2020 in Assamese by Dibyojit Dutta