অসমৰ ইতিহাসৰ দুটি অনন্যা নাৰী চৰিত্ৰ -জয়মতী আৰু ফুলেশ্বৰী

অসমৰ ইতিহাসৰ দুটি অনন্যা নাৰী চৰিত্ৰ -জয়মতী আৰু ফুলেশ্বৰী

Mr. Pranab Phukan

সপ্তদশ আৰু অষ্টাদশ শতিকাৰ অসমৰ বুৰঞ্জীয়ে মানসপটত উদ্ভাসিত কৰে দুগৰাকী নাৰীৰ নাম ৷ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ এই দুই নাৰীয়ে বুৰঞ্জীৰ পাটত নিজৰ নাম লিখি গৈছে ৷ আহক, আমি এই দুগৰাকী নাৰীক স্মৰণ কৰোঁ ৷

(১) জয়মতী : ১৬৭৯ খ্ৰীষ্টাব্দত গুৱাহাটীৰ বৰফুকন লালুকসোলাই বঙ্গৰ মোগল প্ৰশাসনৰ লগত ষড়যন্ত্ৰ কৰি বিনা যুদ্ধে গুৱাহাটী মোগলক এৰি দি গড়গাঁও অভিমুখী হয় ৷ বিনিময়ত মোগলে তেওঁক আহোম ৰাজপাটত বহুৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ জানিছিল যে ক্ষমতাৰ বাঘজৰী আছিল সুদক্ষ্য বুঢ়াগোঁহাই আতনৰ হাততহে ৷ গতিকে বুঢ়াগোহাঁয়েই লালুকসোলাৰ বাটৰ প্ৰধান অন্তৰায় হিচাপে পৰিগণিত হয় ৷ বুঢ়াগোঁহাইৰ সৰ্বোপৰি ক্ষমতাত বিতুষ্ট আৰু দুই-এজন ডাঙৰীয়া লালুকসোলাৰ লগ হৈ চক্ৰান্ত কৰি বুঢ়াগোঁহাইক যুদ্ধত পৰাভূত কৰি হত্যা কৰোৱাই ৷ এইদৰে পথ নিষ্কণ্টক কৰি লালুকসোলা গড়গাঁৱত প্ৰৱেশ কৰে ৷ গড়গাঁৱত তেওঁ স্বৰ্গদেউ চুদৈফাকো হত্যা কৰায় আৰু চামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া চুলিক্‌ফা ওৰফে ল’ৰা ৰজাক সিংহাসনত অধিষ্ঠিত কৰে ৷ ৰজাক নিজৰ কবলত ৰাখিবলৈ লালুকসোলাই জীয়েকক ল’ৰা ৰজালৈ বিয়া দি সকলো ক্ষমতা হস্তগত কৰে ৷  আহোম ৰাজতন্ত্ৰৰ নিয়ম অনুযায়ী অঙ্গক্ষত থকা  কোঁৱৰসকল স্বৰ্দদেউৰ বাবে উপযুক্ত নাছিল ৷ গতিকে লালুকসোলাই কোঁৱৰসকলক ধৰাই আনি অঙ্গক্ষত কৰাই অথবা হত্যা কৰাই ৰাজপাটৰ অনুপযুক্ত কৰি তোলে ৷ কিন্তু গোবৰ কোঁৱৰৰ পুত্ৰ লাঙি গদাপাণি সাৰি গ’ল ৷ গদাপাণিৰ পত্নী আৰু লাইথেনেপা বৰগোঁহাইৰ জীয়ৰী জয়মতী কুঁৱৰীয়ে স্বামীৰ জীৱনৰ শংকা তথা দেশৰ অনাগত দুৰ্যোগৰ বিষয়ে বুজি পাই গদাপাণিক পলাই যাবলৈ অনুৰোধ কৰে ৷ গদাপাণি কিছুদিন গা বচাই ফুৰে ৷ পাছে দিখৌ নৈৰ পাৰত ৰজাৰ সৈন্যই দেখি খেদা ধৰাত এক হাবিতলীয়া ঠাইত গদাপাণিয়ে নৈ পাৰ হৈ নগা পাহাৰ পায়গৈ ৷ সৈনিকদল বিফল হোৱাৰ বাতৰি পাই লালুকসোলাই এইবাৰ আন এক গৰ্হিত কাম কৰে ৷ বৰফুকনে থাৱৰালে যে গদাপাণি ক’ত লুকাই আছে সেই কথা জয়মতীয়ে নিশ্চয় জানে ৷ গতিকে জয়মতীক ১৬৮০ চনৰ মাৰ্চ মাহত ধৰাই অানি জেৰেঙা পথাৰ নামৰ এখন বহল পথাৰত গছত বান্ধি চাওদাঙৰ হতুৱাই অকথ্য নিৰ্য্যাতন কৰোৱায় ৷ বাতৰি পাই গদাপাণিয়ে নগাৰ ভেশেৰে জেৰেঙা পথাৰত উপস্থিত হয় ৷ পত্নীৰ ওপৰত হোৱা অত্যাচাৰ সহিব নোৱাৰি তেওঁ দূৰৰ পৰাই জয়মতীক গদাপাণিৰ বতৰা দিবলৈ কয় ৷ জয়মতীয়ে নিজৰ স্বামীক চিনি পাই উত্তৰ দিলে যে তেওঁ ততালিকে সেই ঠাই এৰি নগা পাহাৰলৈ গৈ নিজৰ কাম কৰি যাব লাগে ৷ ভাৰাক্ৰান্ত হিয়াৰে গদাপাণি পুনৰ নগা পাহাৰলৈ ঘূৰি যায় ৷ জয়মতীয়ে এইদৰে ১৮ দিন যান্ত্ৰণা সহি ১৬৮০ চনৰ ২৭ মাৰ্চ তাৰিখে ইহলীলা সম্বৰন কৰে ৷ ইমান অত্যাচাৰৰ পাছতো কিন্তু জয়মতীয়ে মুখ নুখুলিলে আৰু গদাপাণিৰ সম্ভেদ উলিওৱাত  বৰফুকন ব্যৰ্থ হ’ল ৷ জয়মতীয়ে স্বামীৰ হকে, দেশৰ হকে নিজৰ প্ৰাণ উচ্ছৰ্গা কৰে ৷ এই আত্মত্যাগৰ বাবে জয়মতীক সতী আখ্যা দিয়া হয় ৷ জয়মতীৰ মৃত্যুৱে ৰাইজৰ মাজত যেন এক বিজুলীৰ সঞ্চাৰ কৰিলে ৷ অনেক ডাঙৰীয়াই মিলি নগঁঞা ডেকা ভোটাইৰ হতুৱাই লালুকসোলাক হত্যা কৰোৱায় ৷ এনে পৰিস্থিতিত গদাপাণিয়ে ভিনিহিয়েক বন্দৰ বৰফুকন আদি বিষয়াসকলৰ সহযোগত ১৬৮১ চনত চুলিক্‌ফাক পৰাস্ত কৰি বন্দী কৰে আৰু নিজে ৰাজপাটত বহি চুপাত্‌ফা ওৰফে গদাধৰ সিংহ নাম লয় ৷ তেওঁৰ পাছত জয়মতী আৰু গদাধৰ সিংহৰ প্ৰথম সন্তান লাই ৰজা হৈ তেওঁ চুথ্ৰাংফা ওৰফে ৰুদ্ৰ সিংহ নাম লয় ৷ মাতৃ জয়মতীৰ স্মৃতিত তেওঁ জেৰেঙা পথাৰত এটা বিশাল পুখুৰী খন্দাই নাম দিয়ে জয়সাগৰ ৷ তাৰ পাৰত মন্দিৰ সজাই নাম দিয়ে জয়দৌল ৷ এই পুখুৰী আৰু দৌলে জয়মতীৰ জয়গাঁথা আজিও জীয়াই ৰাখিছে ৷

(২) ফুলেশ্বৰী: ফুলেশ্বৰী কুঁৱৰী ইতিহাসৰেই নহয় ৰূপকথাৰো নায়িকা ৷ তেওঁৰ উপস্থিত বুদ্ধিৰ কথা বুঢ়ীআইৰ সাধুকথাত পৰিণত হৈছে ৷  ১৭১৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পৰলোক প্ৰাপ্তিৰ পাছত তেওঁৰ বৰপুত্ৰই চুতান্‌ফা ওৰফে শিৱ সিংহ নাম লৈ সিংহাসন আৰোহণ কৰে ৷ তেওঁ ফুলমতী নামৰ এগৰাকী সাধাৰণ কৃষকৰ সুন্দৰী কন্যাক বিয়া কৰাই বৰকুঁৱৰীৰ মৰ্য্যাদা প্ৰদান কৰে ৷ বৰকুঁৱৰী হৈ ফুলমতীয়ে নাম লয় ফুলেশ্বৰী ৷ শিৱ সিংহ ব্ৰাহ্মণ পুৰোহিতসকলৰ দ্বাৰা অতিকৈ প্ৰভাবিত হৈছিল; ১৭২২ খ্ৰীষ্টাব্দত দৈবজ্ঞ এজনে ভবিষ্যত বাণী কৰিলে যে তেওঁৰ ছত্ৰভঙ্গ যোগ আছে ৷ শিৱ সিংহই নিজ ধৰ্মগুৰু পৰ্বতীয়া গোঁসাইৰ পৰামৰ্শ মতে ১৭২৪ খ্ৰীষ্টাব্দত ফুলেশ্বৰীৰ হাতত সকলো ৰাজকীয় ক্ষমতা অৰ্পণ কৰি “বৰ ৰজা” উপাধি দিয়ে ৷ বৰ ৰজা ফুলেশ্বৰীৰ নামাকৰণ হ’ল প্ৰমথেশ্বৰী বুলি ৷ ইয়াৰ ফলত “উঠি ৰজা, বহি ৰজা” কথাষাৰৰ সৃষ্টি হয় - নামত ৰজা হৈ থকা শিৱ সিংহ হ’ল বহি ৰজা আৰু ৰাজকীয় সকলো কাম কৰা ফুলেশ্বৰী আছিল উঠি ৰজা ৷ ফুলেশ্বৰীয়ে ৰাজধানীৰ পৰা অনতি দূৰত এটা ডাঙৰ পুখুৰী খন্দায় ৷ তেওঁৰ মতে শিৱৰ লগত বিৱাহসূত্ৰে তেওঁ ভগৱান শিৱৰ পত্নী গৌৰী হৈ পৰিল; সেয়ে পুখুৰীৰ নাম ৰাখে গৌৰীসাগৰ ৷ পাৰত সজায় এক বৃহৎ শিৱ দৌল ৷ কিম্বদন্তি অনুযায়ী বিয়াৰ আগতে ফুলমতীৰ গৌৰীনাথ নামৰ এজন যুৱকৰ লগত প্ৰেমৰ সম্বন্ধ আছিল আৰু গৌৰীনাথৰ নামেৰেহে পুখুৰীৰ নাম ৰখা হয় ৷ কিন্তু বুৰঞ্জীত এই কথাৰ উল্লেখ নাই ৷ গতিকে ফুলেশ্বৰী কুঁৱৰীৰ ভাষ্য মানি এই পুখুৰী আৰু দৌলৰ বাবে আমি ফুলেশ্বৰী কুঁৱৰীৰ কাষত চিৰ কৃতজ্ঞ  ৷  শিক্ষাৰ প্ৰতি বিশেষ অনুৰাগী ফুলেশ্বৰীয়ে ভালেমান টোল স্থাপন কৰায় ৷ ৰংপুৰৰ টোলখন 'বৰৰজাৰ পঢ়াশালি' নামেৰে প্ৰখ্যাত হৈছিল ৷ ফুলেশ্বৰীৰ উদ্যোগত অনন্ত আচাৰ্যই 'আনন্দ লহৰী' আৰু কবিচন্দ্ৰ দ্বিজে 'কাম-কুমাৰহৰণ' আৰু 'ধৰ্মপুৰাণ' আদি গ্ৰন্থ লিখিছিল ৷ ৰুদ্ৰ সিংহৰ দিনৰ পৰা ৰাজ পৰিয়াল শাক্ত হিন্দুবাদী আছিল ৷ ফুলেশ্বৰী এই ধৰ্মৰ প্ৰধান হোতা হৈ পৰে ৷ এনেকি মূৰ্তি পূজা আৰু বলি বিধানৰ বিৰোধী মোৱামৰীয়া গোঁসাইকো ৰাজ পৰিয়ালৰ দূৰ্গা পূজালৈ আনি বলিৰ পঠাৰ তেজেৰে কঁপালত ফোঁট দিয়ায় ৷ ফুলেশ্বৰীৰ এই কাৰ্য্যত গোঁসাই ক্ষুন্ন হয় আৰু ই মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ বুলি পৰিগণিত হয় ৷  তত্ৰাচ ফুলেশ্বৰী কুঁৱৰীৰ অস্তিত্বৰ বিষয়ে অনেকে সন্দেহ প্ৰকাশ কৰে আৰু সলাল গোঁহাইৰ জীয়ৰী অনাদৰী ওৰফে সৰ্বেশ্বৰীহে প্ৰকৃততে বৰ ৰজা আছিল বুলি ক’ব খোজে ৷ শিৱ সিংহৰ ৰাজত্ব কালৰ মোহৰ বিলাকেই আমাক ফুলেশ্বৰীৰ সম্ভেদ দিয়ে: (ক) ১৭১৪ খ্ৰীষ্টাব্দৰ পৰা ১৭২৪ খ্ৰীষ্টাব্দলৈকে শিৱ সিংহৰ নামত  (খ) ১৭২৪ খ্ৰীঃৰ পৰা ১৭৩১ খ্ৰীঃলৈকে শিৱ সিংহ আৰু প্ৰমথেশ্বৰী ওৰফে ফুলেশ্বৰীৰ যুগ্ম নামত (১৭৩১ খ্ৰীঃত ফুলেশ্বৰীৰ মৃত্যু হয়) (গ) ১৭৩২ খ্ৰীঃত পুনৰ শিৱ সিংহৰ একক নামত (ঘ) ১৭৩২ খ্ৰীঃৰ পৰা ১৭৩৬ খ্ৰীঃলৈকে অম্বিকা দেৱীৰ সৈতে যুগ্ম নামত (ফুলেশ্বৰীৰ মৃত্যুৰ পাছত শিৱ সিংহই ফুলেশ্বৰীৰ ভগ্নী দ্ৰোপদীক বিয়া কৰায় আৰু তেওঁ অম্বিকা দেৱী নাম লয়)  (ঙ) অম্বিকাৰ মৃত্যুৰ পাছত ১৭৩৮ খ্ৰীঃৰ পৰা ১৭৩৯ খ্ৰীঃলৈকে শিৱসিংহৰ একক নামত  (চ) ১৭৩৯ খ্ৰীঃৰ পৰা ১৭৪৪ খ্ৰীঃত শিৱ সিংহৰ মৃত্যু পৰ্য্যন্ত সৰ্বেশ্বৰীৰ সৈতে যুগ্ম নামত শিৱ সিংহৰ মৃত্যুৰ পাছত ডাঙৰীয়াসকলে প্ৰচাৰ কৰিলে যে মৃত্যুৰ সময়ত স্বৰ্গদেউ ৰুদ্ৰ সিংহই ইচ্ছা প্ৰকাশ কৰিছিল যাতে তেওঁৰ পুত্ৰসকল একাদিক্ৰমে সিংহাসনত বহে ৷ গতিকে ৰুদ্ৰ সিংহৰ আৰু তিনিজন পুত্ৰ সিংহাসনত বহে; মাত্ৰ তেওঁৰ তৃতীয় পুত্ৰ স্বৰ্গদেউ হোৱাৰ অনুপযুক্ত বুলি বিবেচিত হয় ৷ ফুলেশ্বৰীৰ সন্তানৰ বিশেষ কোনো উল্লেখ আমি নাপাওঁ আৰু কোনোৱেই ৰজা হৈ  দক্ষতা দেখুৱাৰ সুযোগ নাপালে; কিন্তু ফুলেশ্বৰীয়ে নিজৰ কৰ্মৰাজিৰে নিজৰ নাম বুৰঞ্জীত লিখি থৈ গ’ল ৷  ..  . .          . . (ফোন: +৯১-৮৮২৬৮০৩০৩০)  

joymati, জয়মতী,
Joyphukhuri