অসমৰ বিভিন্ন কথিত ভাষাৰ যোজনা

Author: 
Mr. Pranab Phukan
pranab's picture
প্ৰতি ভাষাৰে সাধাৰণতে দুটা ৰূপ থাকে— এটা শিষ্ট আৰু আনটো লোকায়ত ৷ শিষ্ট ৰূপটো লিখিত ৰূপত আৰু সমজুৱা অনুষ্ঠানত ব্যৱহৃত হয় ৷ আনহাতে লোকায়ত ৰূপটো থাকে তৃণমূল পৰ্যায়ত ৷  ব্যাকৰণৰ ফালৰ পৰা অশুদ্ধ, অভব্য তথা নিষিদ্ধ ৰূপৰ মুকলি ব্যৱহাৰ লোকায়ত ভাষাৰ বৈশিষ্ট্য ৷ এই ৰূপটো ঘাইকৈ একোটা অঞ্চলৰ মানুহৰ কথা - বতৰাৰ লগত জড়িত আৰু ইয়াক লোকভাষা (folk language) নামেৰেও জনা যায়  ৷ ভাষাৰ এই ৰূপটো সেই ভাষাৰ শিষ্ট, আনুষ্ঠানিক তথা শিক্ষিত লোকৰ বাগভংগীতকৈ ভালেখিনি পৃথক ৷ সাম্প্ৰতিক ভাষাবৈজ্ঞানিক চিন্তা-চৰ্চাত ভাষাৰ লোকায়ত ৰূপটোৱে বিশেষ মৰ্য্যাদা লাভ কৰিছে ৷ কাৰণ, তৃণমূল পৰ্য্যায়তহে ভাষা একোটাৰ প্ৰকৃত ৰূপটো লুকাই থাকে৷
 
অসমৰ সকলো লোকভাষাত যোজনাৰ সৃষ্টি হৈ আহিছে ; যেনে - দৰঙী, কামৰূপী, গোৱালপৰীয়া আৰু গড়গঁঞা ৷ আহোম ৰাজ্যৰ বিস্তাৰৰ ফলত গড়গঁঞা অসমীয়া ৰাজকীয় ভাষা ৰূপে পৰিগণিত হয় আৰু পাছত ৰাজ্যিক ভাষাৰ স্বীকৃতি পায় ৷ কেইটামান উদাহৰণেৰে কথিত বা লোকভাষাসমূহৰ যোজনাৰ সোৱাদ লওঁ আহক ৷ ইয়াৰে যিবোৰ শব্দ গৰগঁঞা অসমীয়াৰ শব্দতকৈ বেলেগ, তেনেবোৰ শব্দৰ গড়গঁঞা প্ৰতিশব্দ দিবলৈও চেষ্টা কৰা হ’ব ৷
 
দৰঙী যোজনা: এসময়ৰ দৰঙী ৰাজ্যৰ অন্তৰ্ভুক্ত অঞ্চলত প্ৰচলিত কথিত ভাষা গড়গঁঞা অসমীয়াতকৈ কিছু বেলেগ ৷ এই লোকভাষাত অনেক যোজনা পোৱা যায় ৷ আমি দুটামান যোজনাৰ ফালে চাওঁ আহক:
 
১) "হ’লোঁ ভকত নহ’লোঁ ভকত
    খাই পেল্লো দিপেৰীয়াৰ ভোখত"
 
{পেল্লো (পেলালোঁ), দিপেৰীয়া (দুপৰীয়া), ভোখ (ভোক)}
 
ভকতে আনে ৰন্ধা ভাত-আঞ্জা নাখায় আৰু টৌখুটি মাৰি নিজে ৰান্ধি খায় ৷ পাছে পেটৰ ভোকে সকলো নীতি-নিয়ম পাহৰাই দিয়ে আৰু সেই সময়ত "ভোকেই ভাতৰ আঞ্জা"(গড়গঁঞা)  ৷ অৰ্থৎ কোনো কোনো লোকে নিজৰ জয়ঢোল বজায়, কিন্ত ভিতৰি কোৱাভাতুৰি সদৃশ ৷ গড়গঁঞা সমাৰ্থক:
 
"নিয়মীয়ে নিয়ম কৰে
পালে একাদশী
গোটেই ৰাতি মাছ পোৰা খায়
বাঢ়নিটাৰত বহি"
(মানুহক দেখুৱাই নিয়ম নীতি মানে,কিন্তু তাত আন্তৰিকতা নাই)
 
২) "মাল আন্‌লো মাল ঝুঝাবা
      মালে ধল্লা কটি খুজাবা"
(মাল মানে মল্লযোদ্ধা, wrestler, পালোৱান)
 
{আনলো (আনিলোঁ), ঝুঝাবা (যুজাবলৈ), ধল্লা (ধৰিলে), কটি (টিকা), খুজাবা (খজুৱাবলৈ)}
 
ভাটিদেশৰ পৰা অহা পালোৱান এটাক যুজত হৰুৱাবলৈ ৰজাই নিজ দেশৰ এটা পালোৱান আনি ভালদৰে খুৱাই - বুৱাই যুজলৈ পাচিলে ৷ পাছে ভাটিদেশৰ পালোৱানটো দেখি সি ভয়তে টিকা- মুৰ খজুৱাবলৈ ধৰিলে ৷ ভাল ফল পোৱাৰ আশাত ডাঙৰ কাম সপিলে কিছুমান মানুহে তেনে  পৰিস্থিতিৰ পৰা পলাই সাৰিব খোজে - এই যোজনাটিয়ে তাকে দৰ্শায় ৷ শ্লীল-অশ্লীলৰ বিচাৰ হ’ব পাৰে বুলি গড়গঁঞা সমাৰ্থক দিয়াৰ পৰা বিৰত থাকিলোঁ ৷
 
(৩) "বৈৰ্হান বতৰৰ ভোছ, 
      পাত পাৰ আৰু খা।" 
( বৈৰ্হান= বৰষুণ, ভোছ=ভোজ) 
 
ৰাইজলৈ আগবঢ়োৱা ভোজ খাবৰ সময়তে বৰষুণ দিয়াত গোটেইখন পানী-বোকাৰে ভৰি পৰাত খেনোৱে উপায় দিলে - যিয়ে যেনেকে পাৰা নিজে পাত পাৰি খোৱাত ধৰিব লাগে। ইয়াত সামাজিক নিয়ম নামানিলেও দোষ ধৰোঁতা নাই। অৰ্থাৎ অসূচল অৱস্থাক যেনেতেনে কামফেৰা সমাধা কৰা।
 
(৪) "গেইছিলু ঝিয়াকক চাবা লেগি, 
       বাৰে বাৰে মাক আহেই আগক লেগি। "
(গেইছিলু= গৈছিলোঁ, ঝিয়াক= জীয়েক, চাবা লাগি= চাবলৈ, আগক লাগি= আগলৈ/ সমুখলৈ) 
 
বিয়াৰ বাবে ল'ৰা এজন এঘৰলৈ ছোৱালী চাবলৈ গৈছিল। সম্ভাব্য জোঁৱাইক আদৰিবলৈ জীয়েকৰ পৰিবৰ্তে ৰচকী মাকজনী বাৰে বাৰে তেওঁৰ সমুখলৈ অহাত বিৰক্ত হৈ ল'ৰাজনে ভোৰভোৰাইছিল। গতিকে এজনে পাব লগা আদৰ আন এজনে ল’বলৈ আগবঢ়া ৷ গড়গঁঞা সমাৰ্থক:
 
"পোলৈ বুলি ছোৱালী চাঁও
ঘূৰি ঘূৰি মোলৈহে  পাঁও"
 
কামৰূপী যোজনা : এসময়ত কামৰূপ আহোম ৰাজ্যত নাছিল ৷ সেয়ে গড়গঁঞা অসমীয়াৰ প্ৰভাৱ এই অঞ্চলত কম ৷ শৰাইঘাটৰ ৰণৰ পাছত যদিও মানসলৈকে আহোমে দখল কৰে পাছত লালুক সোলাই বিনা যুদ্ধে গুবাহাটীলৈকে মোগলক এৰি দিয়ে ৷ ১৬৮২ খ্ৰীষ্টাব্দৰ ইটাখুলীৰ ৰণৰ পাছতহে মানস নৈলৈকে সমগ্ৰ অঞ্চল আহোমে নিগাজিকৈ দখল কৰে ৷ কামৰূপৰ কথিত ভাষা লিখিত অসমীয়া ভাষাতকৈ কিছু কিছু ক্ষেত্ৰত পৃথক ৷ কামৰূপ অঞ্চলত প্ৰচলিত যোজনা দেধাৰ ৷ কেইটামান কামৰূপী ফকৰা- যোজনাত ভূমুকি মাৰোঁ আহক ৷ 
 
ক) "বান্দাৰে সাগৰৰ পানী খাই শেষ কৰ্‌বা নৰে"
{বান্দাৰ (বান্দৰ), কৰবা (কৰিব), নৰে (নোৱাৰে)}
 
অৰ্থাৎ অক্ষম লোকে কোনো ডাঙৰ কাম কৰিবলৈ ল’লেও আউল লগায় আৰু তদ্ৰূপ ফলাফলহে পোৱা যায় ৷ ঠিক তেনেদৰে:
 
"ধোদে কি বান্ধিব আলি
বান্দৰে মুতি কি তিয়াব বালি?" 
 
অযোগ্য জনৰ পৰা কৰ্ম্মফল লাভৰ বৃথা চেষ্টা কৰা বুজাবলৈ ব্যৱহাৰ হয় ৷
 
খ) "হ’ব চলি বুলব্‌ বাপ
     তেহে গুছব্‌ মনৰ তাপ”
{চলি (ল’ৰা-ছোৱালী), বুলব (বুলিব), বাপ (দেউতা), গুছব (গুছিব)}
 
ল’ৰা-ছোৱালী নথকা মানুহে হা- হুমুনিয়াহ কাঢ়ি কেতিয়াবা সন্তানে মা-দেউতা বুলি মাতিলেহে মনত শান্তি পাব বুলি আশা কৰি থাকে ৷অৰ্থাৎ অসম্পূৰ্ণ কামনা কেতিয়াবা নহয় কেতিয়াবা পূৰ্ণ হ’ব, এই আশাত থকা ৷ সমাৰ্থক:
 
"আশাধাৰী প্ৰাণী, আশাই নিয়ে টানি"
 
গ) "বাপ জন্মোত নাই গাই ।
      চাংলি পাতি দুবা যাই ।।"
(জন্মোত = জন্মত, চাংলি = চালনি, দুবা = খিৰোৱা)
 
কেতিয়াও গাই পুহি নোপোৱাজনে খিৰতী গাই এজনী পাই অত্যুৎসাহী হৈ পৰি চালনিৰ দৰে ফুটা আহিলা এটা লৈয়েই গাই খিৰাবলৈ গ'ল । গড়গঁঞা অসমীয়াত এই যোজনাটো এনে ধৰণৰ: 
 
"সাত জনমত নাই গাই
 কৰিয়া লৈ খিৰাবলৈ যায়''
 
ঘ) "মনে খোজে ৰাজা হ'ব
    বিধাতাই বোলে খুজিহে খাব ।"
(খোজে = বিচাৰে, ৰাজা = ৰজা)
 
মানুহে মনেৰে বহু কিবাকিবি বিচাৰে, এনেকি কোনোৱে ৰাজপাটত বহাৰ সপোনো ৰচে ৷ পাছে জন্মতে বিধাতাই কপালৰ লিখন লিখি পঠায় আৰু সেইমতে ৰজা নহৈ খোজনীয়াও হৈ পৰাৰ নিদৰ্শন আছে ৷ গতিকে কপালৰ লিখন কোনেও খণ্ডাব নোৱাৰে ৷ গড়গঁঞা সমাৰ্থক:
 
"আইৰ ঘৰলৈ যাম, দুয়ো হাতে খাম
বিধাতাই বোলে ময়ো পিছে পিছে যাম"
 
গোৱালপৰীয়া যোজনা: গোৱালপাৰাৰ পশ্চিম আৰু দক্ষিণ সীমাত আছে পশ্চিম বঙ্গ আৰু বাংলাদেশ ৷ তদুপৰি এই জিলাৰ বহু অংশ কোঁচ ৰাজ্যৰ অন্তৰ্গত আছিল ৷ গতিকে গোৱালপৰীয়া লোকভাষাত বাংলা ভাষাৰ প্ৰভাৱ লক্ষণীয় । দুটামান গোৱালপৰীয়া যোজনাত চকু ফুৰাই চোৱা যাওক ৷
 
১) "কি কৈইব বৌয়েৰ গুণাগুণ
     পান্তাভাতেৰ সাথে খাউৱাই পোৰা বেগুণ"
{কৈইব (ক’ম), বৌ (পত্নী, ঘৈণী), পান্তাভাত (পঁইতাভাত), খাউৱাই (খুৱাই), বেগুণ (বেঙেনা)}
 
পত্নীয়ে পইতা ভাত আৰু পোৰা বেঙেনাৰ পিতিকাৰে ভাতৰ লেঠা মৰাত গিৰিয়েকে পত্নীৰ গুণানুকীৰ্তন কৰি এইদৰে কৈছে ৷ ইয়াত প্ৰকৃততে পত্নীগৰাকী যে বিশেষ কামিলা নহয় তাকেহে কোৱা হৈছে ৷ গড়গঁঞা সমাৰ্থকত ঘৈণীয়েকৰ সলনি গিৰিয়েকৰ কথা কোৱা হৈছে:
 
"এতিয়াহে পালেহি ঘৰ পতা পৈ
কিলাবলৈ আহিছে খেৰদাল লৈ"
 
অন্যত্ৰ
"কি ক’ম মাহী আইৰ গুণ
এহাতে খাৰণী এহাতে লোণ"
 
২) "নোপোৱাৰ ঘৰত পাইছে নাতি
     কাণ ফৰ্‌কাইছে ওপৰকাটি"
 
{ফৰকাইছে (ফুটাইছে), ওপৰকাটি (ওপৰ ফালে)}
 
বহু আশাৰ মূৰত নাতি এটা পাই আনন্দত আত্মহাৰা হোৱা মানুহে কি কৰিব, কি নকৰিব ভাৱিয়েই নাপায় ৷ অৰ্থাৎ একো নথকা মানুহে কিবা এটা পালে আনন্দত আত্মহাৰা হয় ৷ অৰ্থাৎ "নোপোৱাই পোৱা দিয়া পোৱা" ৷ (গড়গঁঞা) 
সমাৰ্থক: 
 
"মূৰত থলে ওকণিয়ে খায়, 
 মাটিত থলে পৰুৱাই খায়' ৷ 
 
৩) "কুন দিনাই মৰিল ভইচ
     তাৰ কাথা এলাও কইচ ৷"
(কুন= কোন, ভইচ = মহ, কাথা = কথা, কাহিনী, এলাও= এতিয়াও, কইচ= কয়)
 
কামৰ পৰা ৰেহাই পাবলৈ চেষ্টা কৰি কাহানিবাই মৰা মহটোৰ কথা কৈ দুখ কৰি দেখুওৱা ৷ প্ৰকৃততে কামত ফাঁকি দিয়াহে উদ্দেশ্য ৷ 
 
গড়গঞা সমাৰ্থক:
 
"কলিয়াবৰত পৈয়েক মৰিল
ঢেকী দিওতে মনত পৰিল"
 
গড়গঁঞা যোজনা: গড়গাওঁ আছিল আহোম ৰাজ্যৰ ৰাজধানী ৷ অসমত প্ৰচলিত ভাষাৰ লগত টাই - আহোম ভাষাৰ বহু শব্দৰ সংমিশ্ৰণৰ ফলত উৎপত্তি হোৱা ভাষাকে গড়গঁঞা অসমীয়া ভাষা বোলা হয় ৷ যিহেতু অসমৰ এক বৃহৎ এলেকা আহোম ৰাজ্যৰ অধীন আছিল, সেয়ে গড়গঁঞা অসমীয়াক অসমৰ লিখিত ভাষাৰ স্বীকৃতি দিয়া হয় ৷ ইতিমধ্যে গড়গঁঞা অসমীয়া যোজনা দুটিমান প্ৰান্তীয় উপভাষাৰ যোজনাৰ সমাৰ্থক ৰূপে দিয়া হৈছে ৷ গতিকে আমি মাত্ৰ দুটা গড়গঞা যোজনা উদাহৰণ স্বৰূপে উল্লেখ কৰিলোঁ ৷
 
১)  "এনেই মৰিছোঁ ঋষিৰ শাপত
       তাতে দিছেহি ধানৰ ভাপত"
 
ইয়াৰ অৰ্থ হ'ল এটা বিপদৰ পৰা উদ্ধাৰ নৌপাওতেই আন বিপদত পৰা ৷
 
২)  "কালিলৈ ৰাম ৰজা হ'ব আজি অধিবাস
    কোনেনো জানিছিল ৰাম যাব বনবাস"
 
ৰাম ৰজা হ’বলৈ অধিবাস কৰি থাকোঁতেই কৈকেয়ীয়ে দশৰথৰ পৰা পাব লগা বৰৰ বিনিময়ত ৰামৰ বনবাস আৰু ভৰতৰ সিংহাসন আৰোহণৰ সৰ্ত্ত ৰাখিলে ৷ এনে এটা ভৱিষ্যতৰ কথা সকলোৰে সপোনৰো অগোচৰ আছিল ৷ এই যোজনাত অনিশ্চিত ভৱিষ্যতৰ কথা কৈ সকলোকে সাৱধান কৰি দিয়া হৈছে ৷
 
বিভিন্ন লোকভাষাই অসমীয়া ভাষাক চহকী কৰি তুলিছে ৷ এনে অৰ্থবহ যোজনাই সমাজত, মানুহৰ মানসত প্ৰভাৱ পেলোৱা স্বাভাৱিক ৷ সেয়ে যিকোনো পৰিবেশতে আমাৰ মনত এটা নহয় এটা যোজনাই ভূমুকি মাৰেহি ৷ এই যোজনাবোৰৰ ব্যৱহাৰ পুৰুষানুক্ৰমে হৈ আহিছে ৷ যোজনাবোৰে দিয়া বাৰ্তা, তাৰ অনুভূতি, কোনো কোনো যোজনাত ব্যৱহৃত ৰসাল কথাৰ অনুভূতি পৃথিৱীৰ সকলো প্ৰান্তৰ মানুহৰ অনুভূতিৰ সমপৰ্য্যায়ৰ আৰু সেয়ে ইয়াৰ গ্ৰহণীয়তা বিশ্বজনীন ৷
 
   …    ( ফোন +৯১-৮৮২৬৮০৩০৩০)
Assamese ,অসম