অসমৰ স্বাধীনতা আন্দোলন আৰু মণিৰাম দেৱান

Author: 
pranab's picture

(৭ এপ্ৰিলত মণিৰাম দেৱানৰ ২১৪ বছৰীয়া জন্মদিৱসত শ্ৰদ্ধাঞ্জলি)

মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা ওৰেফ মণিৰাম দেৱান - এই নাম শুনাৰ লগেলগে আমাৰ মনলৈ আহে এক দেশপ্ৰেমী শ্বহীদৰ ছবি ৷ ১৮৫৭ খ্ৰীষ্দাব্দৰ ছিপাহী বিদ্ৰোহৰ লগত জড়িত থকাৰ অভিযোগত ইংৰাজ চৰকাৰে ফাঁচীকাঠত ওলমোৱা এইজন চিৰ নমস্য ব্যক্তিৰ অসমৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কৰ কথা বিশ্লেষণ কৰিলে তেখেতৰ ব্যক্তিত্বৰ বিকাশৰ উমান পোৱা যায়৷ 

উপক্ৰমণিকা: মোৱামৰীয়া বিদ্ৰোহ তথা দন্দুৱা দ্ৰোহে থকাসৰকা কৰা আহোম ৰাজ্যৰ বিকাশৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহায়ে লোৱা পদক্ষেপত সন্দেহবাদী হৈ ৰাজ্যৰ পশ্চিম অংশৰ প্ৰশাসক বদনচন্দ্ৰ বৰফুকনে ১৮১৬ চনত কলিকতালৈ গৈ ব্ৰিটিচ গভৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংছক অসম আক্ৰমণ কৰিবলৈ অনুৰাধ জনায় ৷ কিন্তু হেষ্টিংছ মান্তি নোহােৱাত বদনে ব্ৰহ্মদেশলৈ গৈ মান ৰজাক অসম আক্ৰমণৰ প্ৰস্তাব দিয়ে ৷ ১৮১৭ চনত মান সেনাই অসম আক্ৰমণ কৰি যুজত জয়ী হয় ৷ পূৰ্ণানন্দৰো অচিৰেই মৃত্যু ঘটে ৷ মানসেনাই পূৰ্ণানন্দৰ পুত্ৰ ৰুচিনাথৰ  ঠাইত বদনক ‘মন্ত্ৰী ফুকন’ পাতি ঘূৰি যায় ৷ অচিৰেই অনেক বিষয়াই ৰাজমাও নুমলী আইদেউৰ সৈতে পৰিকল্পনা কৰি বদনক হত্যা কৰায় ৷ ইয়াৰ পাছত ১৮১৯ চনৰ ফেব্ৰুৱাৰী আৰু ১৮২১ দনৰ মাৰ্চ মাহৰ উপৰ্যুপৰি দুবাৰ মানসেনাই অসম আক্ৰমণ কৰি ১৮২২ চনৰ ২১ জুনৰ হাদিৰাচকীৰ যুদ্ধত চুড়ান্ত বিজয়ী হোৱাত অসমত আহোম শাসনৰ অন্ত পৰে ৷ 

১৮২৩ চনৰ চেপ্তেম্বৰ মাহত মানসেনাই চট্টগ্ৰামৰ কাষৰ শালমাৰী দ্বীপ দখল কৰাত ইংৰাজ আৰু মানৰ প্ৰথম যুদ্ধ আৰম্ভ হয় ১৮২৪ চনত আৰু ১৮২৬ চনৰ ভিতৰত মান পৰাজিত হৈ ইয়ান্দাবু সন্ধি কৰি ভাৰত এৰি যায় ৷ ফলত অসম ইংৰাজৰ শাসনাধীন হয় ৷ পুৰন্দৰ সিংহক নামমাত্ৰ অধিকাৰ দি স্বৰ্গদেউ পতা হয় ৷ মানৰ আক্ৰমণমত দেশান্তৰিত হোৱা দত্ত পৰিয়ালো উভটি আহে; এই পৰিয়ালৰ এজন সদস্য আছিল কুৰি বছৰীয়া মণিৰাম ৷ ইংৰাজৰ বাবেই নিজ মাতৃভূমিলৈ ঘূৰি আহিব পৰাত মণিৰাম ইংৰাজৰ ওচৰত কৃতজ্ঞ আছিল ৷ 

গোমধৰ কোঁৱৰৰ বিদ্ৰোহ : ১৮২৮ চনত ২২ বছৰীয়া মণিৰামক ৰংপুৰৰ চিৰস্তাদাৰ আৰু টহচিলদাৰৰ ভাৰ দিয়া হয় ৷ ব্ৰিটিছ শাসকসকলে সৈনিকৰ বাবে ৰংপুৰত ছাঊনী আৰু খাৰঘৰ সজায় ৷ ব্ৰিটিছে প্ৰণয়ন কৰা নতুন ব্যৱস্থাৰ ফলত আহোম ৰাজ্যৰ বিষয়াসকলৰ বিশেষাধিকাৰ নোহোৱা হ’লত বিষয়াসকল ক্ষুণ্ণ হৈ উঠিছিল ৷ তেনেতে ব্ৰিটিছৰ বিৰুদ্ধে গণবিপ্লৱ গঢ়ি তুলিবলৈ আগবাঢ়ি আহিল এজন আহোম ৰাজকোঁৱৰ - নাম গোমধৰ কোঁৱৰ ৷ গোমধৰ কোঁৱৰে আহোম ৰাজ্যৰ বিষয়াসকলক একত্ৰিত কৰিবলৈ চেষ্টা কৰে আৰু ব্ৰিটিছ পলিটিকেল এজেণ্টৰ কাৰ্য্যালয়ত নিযুক্ত ধনজয় বৰগোঁহাইৰ উপৰিও ধনজয়ৰ পুত্ৰ হৰনাথ আৰু জোঁৱায়েক জিউৰাম দুলীয়া বৰুৱা, হৰনাথ গোঁহাই, ধনুধৰ কোঁৱৰ, ধৰ্মধৰ ৰাজগুৰু, মাধৰাম বৰগোঁহাই, জয়ৰাম খাৰঘৰীয়া ফুকন, বদন বৰফুকনৰ দুই পুত্ৰ জন্মি আৰু পিয়লি ফুকন আদিৰ সমৰ্থন লাভ কৰে ৷ ১৮২৮ চনৰ ২৭ আগষ্টত তৰাতলিৰ ৰাজবাৰীত আহোম পদ্ধতিৰে গোমধৰ কোঁৱৰক সিংহাসনত বহুওৱা হয় ৷ গোমধৰ কোঁৱৰে ৰংপুৰৰ ছাঊনী দখল কৰিবলৈ অস্ত্ৰ- শস্ত্ৰ তথা সৈনিক গোটাবলৈ আৰম্ভ কৰে আৰু  ৰাইজক আহ্বান জনায় বৃটিছ চৰকাৰক কৰ দিয়া বন্ধ কৰিবলৈ ৷ গোমধৰে ব্ৰিটিছ প্ৰশাসনৰ চাকৰিয়াল বিষয়াসকলকো পত্ৰ যোগে বিদ্ৰোহৰ বাবে আহ্বান জনায় ৷ এনে দুজন বিষয়া মধৰাম বৰগোঁহাই আৰু লম্বোদৰ বৰফুকনে এই কথা পলিটিকেল এজেণ্ট নিউভিলক জনায় ৷ ফলত ব্ৰিটিছ কৰ্ত্তৃপক্ষই আগতীয়াকৈ ব্যৱস্থা ল’বলৈ সক্ষম হয় ৷

১৮২৮ চনৰ নবেম্বৰ মাহত বিপ্লৱীসকলে ৰংপুৰৰ অধিকাৰ কৰাৰ মানসেৰে আগবাঢ়োতে ৰাদাৰফোৰ্ড নামে এজন বিষয়াৰ নেতৃত্বত ব্ৰিটিছৰ সেনাই মৰিয়নিৰ কাষত বিপ্লৱীসকলক আক্ৰমণ কৰি পৰাজিত কৰে ৷ অনেক বিপ্লৱী বন্দী হয় ৷ গোমধৰ কোঁৱৰ নগা পাহাৰলৈ পলাই প্ৰাণ ৰক্ষা কৰে যদিও ব্ৰিটিছৰ ছলনাত উভটি আহে; তেওঁক লগেলগে আটক কৰা হয় ৷ ধনজয় বৰগোঁহাইকো গ্ৰেপ্তাৰ কৰা হয় ৷ বিপ্লৱীসকলৰ বিচাৰৰ বাবে যোৰহাটত “বৰ-পঞ্চায়ত" আহ্বান কৰা হয় ৷ এই পঞ্চায়তৰ এজন বিচাৰক আছিল মণিৰাম দত্ত ৷  বিচাৰত গোমধৰ কোঁৱৰক অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ আৰু আহোম ৰাজতন্ত্ৰৰ চিল-মোহৰ বেআইনী হিচাপে ব্যৱহাৰ কৰাৰ “দোষত” দোষী সাব্যস্ত কৰা হয় ৷ গোমধৰ কোঁৱৰ আৰু ধনজয় বৰগোঁহাইক মৃত্যুদণ্ড বিহা হয় ৷ ধনজয়ৰ পুত্ৰ হৰনাথক প্ৰমাণৰ অভাৱত মুকলি কৰি দিয়ে ৷ কিন্তু গভৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি ডেভিড স্কটে গোমধৰৰ শাস্তি হ্ৰাস কৰি ৭ বছৰৰ কাৰাদণ্ড দিয়ে ৷ হৰনাথে গোমধৰ কোঁৱৰ, ধনজয়, জিউৰাম আৰু পিয়লিক কাৰাগাৰৰ পৰা পলায়ন কৰাত সহায় কৰে ৷ কিন্তু গোমধৰ কোঁৱৰক ১২ দিনৰ পাছতে পুনৰ আটক কৰি কাৰাবাসৰ ম্যাদ ১৪ বছৰ কৰি বঙ্গদেশৰ ৰংপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷ ধনজয় বৰগোঁহায়ে নগা পাহাৰত নিৰাপদ আশ্ৰয় লয় ৷ ইয়াৰ পাছত গোমধৰ কোঁৱৰৰ কোনো বাতৰি পোৱা নগ’ল ৷ 

পিয়লি ফুকনৰ বিদ্ৰোহ: মুকলি হৈ বিদ্ৰোহীসকলে মটক ৰাজ্যত প্ৰৱেশ কৰিলে আৰু পুনৰ কঁকালত টঙালি বান্ধি ৰংপুৰৰ খাৰঘৰত জুই দিয়াৰ পৰিকল্পনা কৰিলে ৷ ধনজয়, জিউৰাম আৰু পিয়লিৰ লগত যোগ দিলে ধনজয়ৰ পুত্ৰ হৰনাথ আৰু হৰকান্ত, বম চিংফৌ, দেওৰাম দিহিঙীয়া বৰুৱা, কৃষ্ণনাথ, ৰূপচান্দ কোঁৱৰ, জন্মি আদিয়ে ৷ তেওঁলোকে সেনা গোটোৱাৰ উপৰিও জনজাতীয় নেতাসকলৰো সহায় বিচাৰিলে ৷ ধনজয় আৰু পিয়লিৰ দুখন চিঠি হৰনাথে খামটি শদিয়াখোৱা গোঁহাইলৈ কঢ়িয়াই নিছিল ৷ পাছে গোঁহায়ে পলিটিকেল এজেন্টক এই কথা জনোৱাত আঁচনি ফাদিল হয়; হৰনাথক আটক কৰা হয় আৰু খাৰঘৰৰ সুৰক্ষা শক্তিশালী কৰা হয় ৷ ১৮৩০ চনৰ ২৫ ফেব্ৰুৱাৰীৰ নিশা বিদ্ৰহীসকলে খাৰঘৰত জুই দিয়াত সফল হ’ল ৷ তেওঁলোকক ইংৰাজৰ সেনাই পিছে পিছে খেদাত বিদ্ৰোহীসকল হাবিত সোমাই পৰে ৷ কিন্তু গেলেকীৰ কাষত বিদ্ৰোহীসকলক বন্দী কৰা হয় ৷ ধনজয়, হৰকান্ত আৰু জন্মি পলাই সাৰে ৷ বিদ্ৰোহীসকলৰ বিচাৰৰ বাবে জয়সাগৰ পুখুৰীৰ পাৰত বৰ-পঞ্চায়ত আয়োজন কৰা হয় ৷ এইবাৰো মণিৰাম আছিল এজন বিচাৰক ৷ বিচাৰত জিউৰাম, পিয়লি, বম চিংফৌ, হৰনাথ আৰু ৰূপচান্দক ফাঁচীৰ হুকুম দিয়া হয় ৷ পাছে গভৰ্ণৰ জেনেৰেলৰ এজেন্ট ডেভিদ স্কটে কেৱল জিউৰাম আৰু পিয়লিক ফাঁচী দি বাকীসকলক যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে ৷ সেইমতে ১৮৩০ চনৰ ২৬ জুলাই তাৰিখে দুয়োকো শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ফাঁচীকাঠত ওলমোৱা হয় ৷ বৰ-পঞ্চায়তৰ সিদ্ধান্ত শুনুৱাৰ সময়ত পিয়লিয়ে মণিৰামক কয়: টোলোঠাৰ কান, ইকান আৰু সিকান ৷ অৰ্থাৎ আজি মোৰ (পিয়লিৰ) যি দশা হৈছে কালিলৈ তোৰো (মণিৰামৰো) সেই দশাই হ’ব ৷ এইষাৰ যেন দেৱবাণীহে আছিল !

স্বেশপ্ৰেমী মণিৰাম: মণিৰামৰ প্ৰশাসণিক দক্ষতাৰ বাবে স্বৰ্গদেও পুৰন্দৰ সিংহই তেওঁক বৰভাণ্ডাৰ বৰুৱাৰ পদত মকৰল কৰে ৷ ১৮৩৩ -ৰ পৰা ১৮৩৮ চনলৈকে এই পদত মণিৰামে দক্ষতাৰে কাৰ্য্য কৰি যায় আৰু স্বৰ্গদেউৰ আস্থাভাজন হৈ পৰে ৷ এইদৰে অসমৰ আভ্যন্তৰীন বিষয়ত সোমাই পৰি মণিৰামে অসম আৰু ইংৰাজৰ সম্পৰ্ক বুজি উঠে আৰু তেওঁৰ ব্যক্তিত্বৰ আমূল পৰিবৰ্ত্তন ঘটে ৷ এই কালছোৱাতে মণিৰামে বুজি পায় যে অসমৰ মাটি আৰু জলবায়ু চাহখেতিৰ বাবে উপযুক্ত ৷ গতিকে মণিৰামে ইংৰাজক চাহখেতিৰ বাবে অনুৰোধ কৰে ৷ সেয়ে ১৮৩৯ চনত অসম কোম্পানী স্থাপন কৰি ইংৰাজে অসমত চাহবাগিছা আৰম্ভ কৰে ৷ এই কোম্পানীৰ দেৱানৰ বাবে মণিৰামেই আছিল আটাইতকৈ উপযুক্ত ব্যক্তি ৷ দেৱান হৈ মণিৰামে অসমত চাহখেতিৰ বহুল বিকাশ কৰে ৷ 

১৮৩৮ চনত ইংৰাজ চৰকাৰে স্বৰ্গদেউক সম্পূৰ্ণৰূপে ক্ষমতাৰ পৰা বিতাৰিত কৰে ৷ ১৮৪০-ৰ দশকৰ প্ৰথমাৰ্ধত স্বৰ্গদেউৰ সকলো বিশেষাধিকাৰ কাঢ়ি লোৱাৰ প্ৰতিবাদত মণিৰামে অসম কোম্পানীৰ দেৱানৰ পদ ত্যাগ কৰি যােৰহাটৰ কাষত চীনামৰা বাগিছা আৰু শিৱসাগৰৰ কাষত এখন বাগিছা স্থাপন কৰে ৷ কিন্তু ইংৰােজ মণিৰামৰ বাবে চাহপাত ৰপ্তানীৰ বাট বন্ধ কৰি দিয়ে ৷ মণিৰামে পিছ নুহুহকি ঠায়ে ঠায়ে হাট স্থাপন কৰে - শিৱসাগৰৰ কাষত নগাহাট, ডিব্ৰুগড়ত বৰহাট, দৰঙত দৰঙীহাট, কামৰূপত গাড়ােহাট আৰু ধেমাজীত চিচিহাট ৷ তেওঁ ইখনৰ পৰা সিখন হাটলৈ গৈ ৰাইজক চাহৰ উপকাৰিতাৰ বিষয়ে শিকাই নিজৰ উৎপাদিত চাহ বেছিবলৈ সক্ষম হৈছিল ৷ আৰু অনেক ব্যৱসায়ত মণিৰাম জড়িত আছিল ৷ তেওঁৰ ১৮৪ জনীয়া পৰিয়ালৰ ভৰণ- পোষণৰ দায়িত্বই যদিও এই ক্ষেত্ৰত প্ৰভাৱ পেলাইছিল, তথাপি এই কথা অনস্বীকাৰ্য্য যে সকলো ব্যৱসায় লাভজনক কৰি তোলাৰ উপায় তেওঁ বিচাৰি পাইছিল ৷ 

চাহবাগিছাৰ উপজ, সকলো ৰাজহ, মুনাফা আদি ইংলেণ্ডলৈ পঠোৱাৰ ইংৰাজৰ মানসিকতাৰ বাবে মণিৰাম ছটফটাবলৈ ধৰে ৷ অসমীয়া বিষয়াসকলক ৰাজহ সংগ্ৰহৰ কাম পুনৰ দিবলৈ ১৮৫২ চনত মণিৰামে ইংৰাজৰ ওচৰত গোহাৰি জনায় ৷ কিন্তু এই গোহাৰি সম্পূৰ্ণ আওকাণ কৰাত ১৮৫৭ চনত মণিৰামে কলিকতালৈ যাবলৈ সিদ্ধান্ত কৰে ৷ সেয়া আছিল চিপাহী বিদ্ৰোহৰ কাল ৷ মণিৰামেও ইংৰাজৰ বিৰেুদ্ধে অস্ত্ৰধাৰণ কৰাৰ পৰিকল্পনা কৰি  চিপাহী বিদ্ৰোহৰ কোনো কোনো নায়কক লগ কৰে ৷ অসমত মণিৰামৰ প্ৰধান সহযোগী আছিল পিয়লি বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, শ্বেখ ফৰমুদ আলি, উৰ্বিধৰ বৰুৱা, মায়াৰাম বৰবৰা, মহীধৰ শৰ্মা মুক্তিয়াৰ আদি ৷ কলিকতাৰ পৰা মণিৰামৰ পিয়লিৰ লগত চিঠিৰ আদান- প্ৰদান হৈছিল ফকীৰৰ বেশত থকা কটকীৰ জৰিয়তে ৷ ইংৰাজে এই গোপন কাৰ্য্য ধৰা পেলাই মণিৰাম, পিয়লি, বাহাদুৰু গাওঁবুঢ়াকে ধৰি অনেকক আটক কৰি বিচাৰৰ বাবে পঠায় ৷ বিচাৰত ফৰিয়াদী পক্ষৰ প্ৰধান সাক্ষী আছিল হৰকান্ত পৰ্বতীয়া বৰুৱা ওৰফে হৰকান্ত ডাৰোগা নামৰ ইংৰাজৰ গুণ গোৱা এজন অসমীয়া আৰক্ষী বিষয়া ৷ বিচাৰত যেন পিয়লি ফুকনৰ কথাষাৰহে সঁচা হ’ল-  মণিৰাম আৰু পিয়লিক ফাঁচী, বাহাদুৰ গাওঁবুঢ়াক আন্দামানলৈ নিৰ্বাসন আৰু বাকীসকলক বিভিন্ন শাস্তি বিহা হয় ৷ মণিৰাম আৰু পিয়লিক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ৰাজহুৱাকৈ ফাঁচী দিয়া হয় ৷ ইংৰাজৰ এসময়ৰ অনুগত মণিৰাম দেৱান অসমৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ হিচাপে অসমৰ জনগণৰ মানসপটত চিৰদিনলৈ থাকি গ’ল ৷