Monikha

ShortName: 
Name: 
Ms. Monikha Chutia
Place_birth: 
Gogamulkh ,
Original Home Address: 
North Lakhimpur
Gogamukh, 787034
IN
Present Address : 
New Delhi,
IN
Educational Qualification : 
MPhil and Pursing PHd in JNU
School College University studied: 
JNU - Delhi
Rajiv Gandhi Central University Arunachal Pradesh
Cotton College Guwahati
North Lakhimpur College -Assam
Profession: 
Academician
Author /Writer
Editor
Phd scholar/ researcher
Designation: 
Phd scholar
workplace: 
JNU
Workplace/ Office Address: 
New Delhi, 110067
IN
Present activities: 
Pursuing Phd in JNU আজি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পিএইচডি কৰি আছো “অসমৰ বানপানী আৰু পৰিৱেশ সম্বন্ধীয় বিষয়ত"
Area of expertise: 
Literature, Arts, Community
Present hobbies: 
Art
Editing
Literature
Reading
Social Work
Extra Curricular Activities : 
মই স্কুলীয়া শিক্ষাৰ দিনৰ পৰাই অসমৰ বিভিন্ন কাকত আলোচনী ত গল্প,প্ৰবন্ধ,কবিতা আদি প্ৰকাশ কৰি আহিছো৷ ইয়াৰোপৰি ও নৰ্থ লখিমপুৰ কলেজত উচ্চতৰ মাধ্যমিক বৰ্ষত শিক্ষাগ্ৰহণ কৰি থকা সময়ত ও বিভিন্ন কাকত আলোচনী আৰু বিষয়ত লেখামেলা কৰিছোঁ৷ সময়ে সময়ে কটনত পঢ়া দিনৰে পৰাই আমাৰ অসম কে ধৰি ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় বিষয়ত অসমৰ বিভিন্ন বাতৰিকাকত আৰু অসমীয়া প্ৰত্ৰিকা সাতসৰী ,গৰীয়সী আৰু অন্যান্য আলোচনীত প্ৰবন্ধ প্ৰকাশ কৰিছোঁ৷ বৰ্তমান সময়টো গৱেষণাৰ মাজেদি বিভিন্ন ৰাজনৈতিক,সামাজিক বিষয় সমূহৰ ওপৰত লেখা মেলা কৰোঁ৷ “মণিপুৰৰ নৃগোষ্ঠীয় বিবাদ” আৰু “হিজাব বিতৰ্ক ”ৰ ওপৰত বহু চৰ্চিত প্ৰবন্ধ লিখিছো সাতসৰী আলোচনীত৷
Life journey : 

মই অসমৰ গোগামুখৰ এখন ভিতৰুৱা গাওঁ ১ নং লঠিয়াৰ ছোৱালী৷মই স্কুলত থকাৰ দিনৰে পৰাই লেখা মেলা কৰিছোঁ আৰু লেখাৰ মাজেদি মই নিজক বিচাৰি পাওঁ৷এটা জীৱন পাওঁ ৷ ভাল লাগে লেখা মেলা কৰি মোৰ৷লেখা মেলা কৰি ভালপাওঁ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো মই অসমীয়া ছাত্ৰছাত্ৰীৰ বাবে আৰু অসমীয়া ৰাইজৰ বাবে যি কৰিব লাগে কৰিছোঁ৷মই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ২০২৩-২৪ ৰ অসম শিক্ষাৰ্থী গোটৰ ৰাজ্যিক প্ৰতিনিধি (State representative) পদত আছিলো৷ মই বৰ্তমানৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অসম সাহিত্য সভা শাখাৰো আলোচনী সম্পাদিকা৷ আমাৰ আলোচনী “ সাম্প্ৰতিক” ৰ প্ৰথম সংখ্যা এতিয়া প্ৰকাশৰ বাটত৷ মই দিল্লীৰ অসমীয়া ৰাইজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰো সদস্য হিচাপে কাম কৰিছোঁ ,অংশগ্ৰহণ কৰিছোঁ৷ ৰীতা চৌধুৰী বাইদেউৰ সৈতে অসমীয়া ছাত্ৰছাত্ৰী হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী অনুষ্ঠান ৰ আয়োজন ও কৰিছোঁ৷এইবাৰৰ ব্ৰক্ষ্মপুত্ৰ সাহিত্য উৎসৱটো সদস্য হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিছোঁ৷ মই গোগামুখৰ এখন সৰু ভিতৰুৱা গাৱঁৰ পৰা আহি কটন বিশ্ববিদ্যালয়ত পঢ়াশুনা কৰি আজি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পিএইচডি কৰি আছো “অসমৰ বানপানী আৰু পৰিৱেশ সম্বন্ধীয় বিষয়ত”৷ নিজে বানপীড়িত অঞ্চলত ডাঙৰ দীঘল হোৱা বাবে এই বিষয়ত গৱেষণা কৰাৰ হেপাঁহ এটি মনত পুহি ৰাখিছিলোঁ৷ মই আনকি ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়,অৰুণাচল প্ৰদেশৰ পৰাও M.phil গৱেষণা কৰিছিলো “অসমৰ নাগৰিকত্ব সংশোধনী আইন আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ সম্পৰ্কীয় বিষয়ত” ৷আৰু তাৰ পৰাই মই এম ফিল ডিগ্ৰী গ্ৰহণ কৰিছোঁ৷

Award & Recongnition: 

কটন বিশ্ববিদ্যালয়ৰ বছৰেকীয়া সাহিত্য প্ৰতিযোগিতাৰ অসমীয়া ৰচনাৰ শিতানত দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ ও লাভ কৰিছিলো৷ মই কটন বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষা সাহিত্যৰ নবীন গোটৰ ও সদস্য আছিলো ৷ কটন বিশ্ববিদ্যালয়ৰ পদ্মশ্ৰী নলিনীবালা দেৱী ছাত্ৰী নিৱাসৰ বছৰেকীয়া আলোচনীৰ সম্পাদৰ কাম ও কৰিছিলোঁ৷

Monikha Chutia