জাতিটোক মাটিলৈ নমাই আন*

Author: 
Anonymous (not verified)

*জাতিটোক মাটিলৈ নমাই আন*

#জয়আয়অসম

ত্ৰিদিব কলিতা
বহুত হ'ল
চান্দা তুলি তুলি
পৰৰ পিঠাৰে বিহু পতা।

বহুত হ'ল
চান্দা তুলি তুলি
কথাচহকীজনৰ ডিঙিত
গামোছা আঁৰি
ভাষণত ভোল যোৱা।

বহুত হ'ল
লাচিতৰ হেংদাং তুলি লৈ
আকৌ শৰাইঘাটৰ
সংলাপ সজা।

একো লাভ নাই
ফুটুকাৰ ফেন যেন
আবেগৰ হাল বাই।

জাতিটোক নমাই আন
মাটিলৈ।

জাতিটোক নমাই আন
ভেটিলৈ।

মাটিও তাতেই আছে,
ভেটিও তাতেই আছে,
জাতিটোহে নাই
নাই তাৰ মাটিত
একান্ত খামোচ।

হেংদাং নেলাগে বোপাই
লাও, জিকা, ঢেঁকীয়াৰেই হ'ব।
শৰাইঘাট নেলাগে বোপাই
জলফাইৰ আচাৰ কৰি
বটলে বটলে বেচিব জানিলেই হ'ব।

চৰকাৰী পিয়নৰ চাকৰি এৰি
পান দোকান দিব জানিলেই হ'ব।

কেইদিনমানলৈ
এৰচোন পিকনিকৰ প্ৰ'গ্ৰেম।

কেইদিনমান এৰচোন
বঙলুৱা উছবৰ ভাওনাবোৰ।

কেইদিনমান
নিজৰ হৈ থাক-
কেইদিনমান
আইনা মচি মচি
নিজৰ মুখখনেই
নিজেই চাই থাক।

কেইদিনমান শুদ্ধকৈ লিখচোন
নিজৰেই সাতাম পুৰুষৰ নাম।

কেইদিনমান
শিকি ল'চোন বাঁহ আৰু বেতৰ কাম।

কেইদিনমান এৰচোন
বামুণীয়া-ভকতীয়াৰ
ফোপোলা অভিমান।

কেইদিনমান
মাথোন কেইদিনমান
মাটিলৈ নমাই আন
আকাস
আকাশতে চাং পতা জাতিৰ
শ্লোগানৰ অভিযান।

কেইদিনমান
মাথোন কেইদিনমান
পঢ়াই পঢ়ক,
পঢ়ুৱাই পঢ়ুৱাওক,
ৰোৱাজনে ৰুই থাকক পান।

কেইদিনমান
মানি ল'চোন-
জুহালত জুই থাকিলে,
পথাৰত খেতি থাকিলে,
নিজৰ হিতাধিকাৰী নিজেই হ'ব জানিলে
পৃথিৱীৰপৰা মচিব নোৱাৰে
কোনেও তোৰ নাম।

মাটিবোৰ এতিয়াও সাৰুৱা,
বুৰঞ্জী এতিয়াও আধৰুৱা;
দেহৰ ঘামেৰে লিখি যা ত‌ই
আশা আৰু ভাষাৰ
নিভাজ সততা।

বহুত হ'ল হৈ চৈ,
বহুত হ'লি বলীয়া
বহুত হ'ল নকল জীৱন
বহুত হ'লি বিহুৱা,
বহুত হ'লি বহুৱা,
যাৰে তাৰে নাচোনত নাচি
বহুত হ'লি ত‌ই
বাৰে বাৰে উতনুৱা।

#ত্ৰিদিব কলিতা,
১৯ অক্টোবৰ'২০২৪
পুণে।