আজিও খোৱা টেবুলত

Author: 
Anonymous (not verified)

আজিও খোৱা টেবুলত
হেমেন্দ্ৰ কুমাৰ বৰ্মণ
******************
দেউতা চাকৰিয়াল
সেয়ে ৰাতিৰ সাঁজহে
একেলগে খাওঁ ছয়জনীয়া পৰিয়ালটোৱে খোৱাটেবুলৰচৌকাষে
দেউতা আৰু মই সমুখা-সমুখি বহি।
এনেকৈয়ে ডাঙৰ হ'লোঁ আমি-----।
দেউতা নীৰৱে থাকে প্ৰায়ে
খোৱাৰ টেবুলত  দৰ্কাৰী ইটি-সিটি কথাৰ বাহিৰে
বাইদেউ-ভন্টিহঁতে জীপাল কৰে ভূ-ভাৰস্তৰ কথাৰ মহলাৰে । মা থাকে নিৰপেক্ষ হৈ জিভা পিচলিলে সিহঁতৰ ইংগিতেৰে লেকাম ধৰে |
এনেদৰেই বহো আজিও আমি মাথো ব্যতিক্ৰম সমুখৰ চকীখন খালী ।
আজিও মায়ে
আটাইৰে কাঁহীত বাঢ়ি শেষত বহেহি আহি । বাইদেউ-ভন্টিহঁতৰ কিন্তু কথা নাই আজিকালি
হাতত মোবাইল লৈ থাকে আপোন পাহৰা হৈ
নিমাওমাও পৰিৱেশৰ মাজত
গিলাচ-বাতিৰ টুং টাং মৃদুধ্বনি উদাসী মায়ে প্ৰায়ে
শূণ্য চকীখনলৈ চায়
নিৰলে চকুলো টোকে
চাদৰৰ আঁচলেৰে।