দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন

দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি আৰু দিল্লী শাখাৰ উদ্যোগত, ৰাজধানী ক্ষেত্ৰৰ সাহিত্যানুৰাগী অসমীয়াৰ প্ৰেৰণাত যোৱা ২৭ মে’ শনিবাৰে বিয়লি শ্ৰীমন্তশঙ্কৰদেৱ ভৱনৰ প্ৰেক্ষাগৃহত এখনি মুকলি ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ শাখাৰ সম্পাদিকা শ্ৰীমতী শৰ্মিষ্ঠা বৰ্মনে আঁত ধৰা অনুষ্ঠানটো অসম সাহিত্য সভাৰ উদ্বোধনী গীতেৰে শুভাৰম্ভ কৰা হয়; সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ মাননীয় সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকা দেৱে৷ মঞ্চত ড° হাজৰিকা প্ৰমুখ্যে দিল্লী শাখাৰ উপদেষ্টাদ্বয় ড° মলয়া খাওন্দ আৰু ড° ৰীণা শৰ্মা, দিল্লী শাখাৰ সভাপতি শ্ৰীযুত জিতেন হাজৰিকা, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল ক্ৰমে সৰ্বশ্ৰী মিহিৰ বৰুৱা, প্ৰফুল্ল বৰ্মন আৰু দেবেন্দ্ৰ নাথ বসুমতাৰীক একোখনি গামোচাৰে আদৰণি জনাই, বন্তি প্ৰজ্বলন আৰু সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক ড° ভবানন্দ বৰবায়নৰ দ্বাৰা পৰিবেশিত মঙ্গলাচৰণেৰে সভা আৰম্ভ কৰা হয়৷
আৰম্ভণিতে, সদ্যপ্ৰয়াত হিৰণ লাল দত্তদেৱৰ ছবিত মাল্য অৰ্পণ, বন্তি প্ৰজ্বলন আৰু সহৃদয় তৰ্পণাঞ্জলি প্ৰদান কৰা হয়; এক মিনিট সময় মৌনতা অৱলম্বনৰ পাছত সুকণ্ঠী গায়িকা শ্ৰীমতী ৰিম পাঠকে প্ৰয়াত দত্তদেৱৰ প্ৰতি উচৰ্গিত এটি বৰগীতেৰে সভাঘৰ স্তব্ধ কৰে৷ স্মৃতিচাৰণ অনুষ্ঠানৰ আঁত ধৰি শাখাৰ উপদেষ্টা ডা° হৰেশ্বৰ ডেকাই প্ৰয়াত দত্তৰ যুৱ অৱস্থাৰ পৰাই জীৱনশৈলী সন্দৰ্ভত পুঙ্খানুপুঙ্খৰূপে ৰেখাপাত কৰে৷ শাখাৰ উপ-সভাপতি সুসাহিত্যিক ডা° বিপুল বৰুৱাই দত্তদেৱৰ সাহিত্য কৰ্মৰ ওপৰত সবিশেষ আলোকপাত কৰে৷ ড° জয়ন্তীমালা বৰপূজাৰীৰ প্ৰয়াত দত্তদেৱৰ অনুকৃতি খলিল গীব্ৰানৰ মূল কবিতাৰ সাবলীল আবৃত্তিয়ে সভাঘৰ আবেগিক কৰি তোলে৷
ইয়াৰ পাছতে আন এটি মূল অনুষ্ঠান অসম সাহিত্য সভাৰ তৰফৰ পৰা দিল্লী আৰু ৰাজধানী ক্ষেত্ৰবাসী বয়োজ্যেষ্ঠ নাগৰিক সকলক ড° সূৰ্য্য হাজৰিকাই ওলগনি পত্ৰ প্ৰদান কৰে৷ অনুষ্ঠানত অসমৰ গৌৰৱ, কৰ্মযোগী বয়োজেষ্ঠ সকলৰ উপস্হিতিয়ে সভাৰ গাম্ভীৰ্যতা বৃদ্ধি কৰি সোণত সুৱাগা চৰাই৷
পৰৱৰ্তী কাৰ্যক্ৰমত আজিৰ সভাৰ অন্যতম কাৰ্য্যসূচী “ দিল্লীত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্য্যালয়ৰ আনুষ্ঠানিক অনুমোদন” সন্দৰ্ভত ড° হাজৰিকাই প্ৰাৰম্ভিক ভাষণ আগবঢ়াই৷ সভাপতিৰ বহুমূলীয়া ভাষণৰ পাচতে সভাৰ কেন্দ্ৰীয় সমিতিৰ গুৱাহাটী প্ৰশাসনিক কাৰ্য্যালয়ৰ সম্পাদক শ্ৰী প্ৰফুল্ল বৰ্মনে শাখা সাহিত্য সভা গঠন সম্পৰ্কত, সভাৰ সাংস্কৃতিক উপ- সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী দেৱেন্দ্ৰ বসুমতাৰীয়ে সভাৰ সামগ্ৰিক কাৰ্য্যকলাপ সম্পৰ্কত আৰু সভাৰ ধনভঁৰালী শ্ৰী মিহিৰ কুমাৰ বৰুৱাই আঞ্চলিক আৰু শাখা কাৰ্যালয়ত বেঙ্ক একাউণ্ট খোলাৰ সম্পৰ্কত তাতপৰ্য্যপূৰ্ণ বক্তব্য ৰাখে৷
দিল্লী শাখা অসম সাহিত্য সভাৰ সভাপতি, আন্তৰ্জাতিক খ্যাতিসম্পন্ন চিত্ৰকাৰ, সংস্কৃতৰ বিদগ্ধ পণ্ডিত প্ৰাক্তন কৰ্নেল শ্ৰীযুত জিতেন হাজৰিকা দেৱৰ উপনিষদৰ শ্লোক সন্নিৱিষ্ট ভাষণে সদায় কৰাৰ দৰেই উপস্থিত সকলোকে মুগ্ধ কৰে৷ শাখাৰ উপদেষ্টা ড° ৰীণা শৰ্মাই ১৯৯৫ চনত পাঁচ গৰাকী মহিলাৰ কায়মনোবাক্যে কৰা অদমনীয় চেষ্টাৰ পৰিপ্ৰৰেক্ষিতত কিদৰে শাখা প্ৰতিষ্ঠা হৈছিল, সেইকথা সভাত আন্তৰিকতাৰে সদৰি কৰে৷ আনগৰাকী প্ৰতিষ্ঠাপিকা গৱেষিকা সাহিত্যসেৱী ড° মলয়া খাওন্দে চমু ভাষণত অতীত স্মৰণ কৰি বিশেষকৈ প্ৰতিষ্ঠা কালত প্ৰথিতযশা সাহিত্যিক হিতেশ ডেকাদেৱৰ আন্তৰিকতা আৰু বৰেণ্যা স্বনামধন্য সাহিত্যকৰ্মী ঁ মামনি ৰয়চম গোস্বামীৰ অৰিহনা অন্তৰঙ্গতাৰে সুঁৱৰি, তেখেতৰ লিখিত তথ্য সম্বলিত ভাষণ শ্ৰী অংশুমান বৰুৱাক পঢ়ি শুনোৱাৰ দ্বায়িত্ব দিয়ে৷
দিল্লী শাখাৰ উপ-সভাপতি স্বনামপ্ৰসিদ্ধ প্ৰবন্ধকাৰ শ্ৰী হিৰণ্য কুমাৰ দাসদেৱে তেখেতৰ শাখাৰ সম্পাদকৰ দ্বায়িত্বত থকা দীৰ্ঘদিনৰ অভিজ্ঞতা সভাত ব্যক্ত কৰে৷
সমজুৱাৰ একাষাৰত সৰ্বশ্ৰী জগন্নাথ বড়া (শাখাৰ সদস্য), ড° ৰত্নোত্তমা দাস বিক্ৰম (অধ্যাপিকা দিল্লী বিশ্ববিদ্যালয়), নিলয় দাস (সুগায়ক), নিবৰ্ণা হাজৰিকা (গৱেষিকা ছাত্ৰী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়) আৰু উদ্যোগী যুৱক প্ৰশান্ত দাসৰ সাৰুৱা ভাষণে উপস্থিত সকলোকে ভবাই তোলে৷
নতুন দিল্লীত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্য্যালয়টো উপস্থিত সকলোৰে অনুমতি সাপেক্ষে, আনুষ্ঠানিক
ভাবে অনুমোদিত কৰি সভাপতিয়ে আঞ্চলিকৰ আহ্বায়ক হিচাপে ৰমেশ বৰুৱা, সাংগঠনিক সম্পাদক হিচাপে দিব্যজিত দত্ত, ধনভঁৰালী হিচাপে ধ্ৰুৱজ্যোতি শইকীয়া আৰু ডা° বিপুল বৰুৱা, শৰ্মিষ্ঠা বৰ্মন, শ্যামলিমা কাকতিক তদৰ্থ সমিতিৰ সদস্য/সদস্যা হিচাপে মনোনীত কৰাৰ কথা ঘোষণা কৰি সভাৰ সংবিধান, ৰচিদ, আজীৱন সদস্যপদ ভৰ্ত্তিৰ প্ৰপত্ৰ, সভাৰ পতাকা আদি আঞ্চলিক কাৰ্য্যালয়লৈ অৰ্পণ কৰে৷
শেষত, শাখাৰ কাৰ্য্যবাহী সদস্য ৰমেশ বৰুৱাই “শলাগৰ শৰাই” আগবঢ়াই৷ অসম সঙ্গীত “অ’ মোৰ আপোনাৰ দেশ“ পৰিবেশনেৰে সভাৰ সামৰণিত উপস্থিত সকলোকে শাখাৰ তৰফৰ পৰা জলযোগেৰে আপ্যায়িত কৰে৷
উল্লেখনীয় যে সভাখনত বিশ্বৰ বিভিন্ন কোণত বসবাস কৰা অসমীয়া ভাষাপ্ৰেমী সকলে যোগদান কৰিব পৰাকৈ, অসম এচচিয়েচন, দিল্লীৰ ভাৰপ্ৰাপ্ত সম্পাদক শ্ৰী দিব্যজিত দত্তৰ আন্তৰিক তৎপৰতাত দিজিটেল মাধ্যমৰ সুব্যৱস্থা কৰা হৈছিল৷ অনেক লোকৰ অনলাইন যোগে যোগদান তথা ভাব বিনিময়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে ভবিষ্যত কাৰ্যপন্থাৰ বাবে সকলোকে আশাৰঞ্জক কৰি তোলে৷

অ সা স আঞ্চলিক কাৰ্য্যালয়ৰ হৈ
ৰমেশ বৰুৱা-আহ্বায়ক
দিব্যজিত দত্ত -সম্পাদক

**

Event Date: 
Saturday, May 27, 2023 - 16:00
দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন
দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন
দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন
দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন
দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন
দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন
দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন
দিল্লীত অসম সাহিত্য সভাৰ উত্তৰ ভাৰত আঞ্চলিক কাৰ্যালয় উদ্বোধন