সূৰ্য্যটো আজিও ডুবে দিহিঙৰ বুকুত
শৈশৱ আৰু কৈশোৰৰ
সেই বালিচৰবোৰ,
সেই নাম নজনা চাপৰি,
সেই বিভোড় গধূলিৰ
নদীৰ পাৰ ৷
সূৰ্য্যৰ হেঙুল বৰণেৰে
উদ্ভাসিত সেই দিনবোৰ
যেতিয়া সূৰ্য্য হেৰাইছিল
দিহিঙৰ বুকুত ৷
আজিও আছেনে সেই আভা,
সেই নদীৰ সুবাস?
সূৰ্য্যটো আজিও ডুবেনে
দিহিঙৰ বুকুত?
যান্ত্ৰিকতাৰ প্ৰেক্ষাগৃহৰ
অনতি দূৰৰ পৰা
দিহিঙে মোক মাতে ৷
নাৱৰীয়াই মৰমতে
নদী দিয়ে কৰি পাৰ,
আৰু পুৰণি গাঁৱৰ ককাইদেৱে
দেখুৱাই নিজৰ গাওঁ -
মাথোঁ এৰি থৈ যায়
নদীৰ পাৰৰ সেইখন গাওঁ ৷
উভতিব খুজি নদীৰ পাৰৰ পৰা
দেখোঁ মচি থোৱা সেই ঘৰ
আৰু দেখোঁ গোঁসাইঘৰৰ পৰা অহা...
:সেয়া দেখোন আই ৷
:নহয় মইনা, সেয়া মাছ বেচা বাই ৷
:দেউতাক মোৰ বাবে এটুকুৰা মাছ
সৰহকৈ দিয়ে, তেওঁ নহয় জানোঁ মোৰ আই?
আইৰ সতে আহোঁ ঘূৰি ৷
মাক কৈ থৈ যায়-
:মইনাটোক ভালকৈ ৰাখিব সদায় ৷
মোক সাৱটি মায়ে কান্দে
: তই কিয় ইমান স্বপ্নাতুৰ?
জীৱনৰ বাটত সপোনবোৰ
যায় হেৰাই ৷
যমুনাৰ কলুষিত পানীত
সূৰ্য্যটোৱে বৰ কষ্ট পায়,
হেঙুলীয়া ৰঙবোৰ হেৰাই যায়,
আৰাৱল্লীৰ মাজত গৈ লুকাই ৷
কিন্তু আজি দূৰৰ সেই গছবোৰ
হেঙুলীয়া কিয়?
কিয় মোক দিয়ে সোঁৱৰাই,
কিয় মোক নিয়ে ওভোটাই,
সুৰুজে কিয় মাতে ৰিঙিয়াই ৷
দিহিঙখন চাগে' তাতে বৈ যায়...
মোৰ মনত তোলপাৰ লগাই
সূৰ্য্যটো আকৌ দিহিঙত ডুব যায় ৷
+