নৈসৰ্গিক

Author: 
pranab's picture
নুসুধিবা বন্ধু মই যাওঁ কলৈ...
আলি কেঁকুৰিটো ঘূৰি
লুঙলুঙীয়া বাটতোৰে মই যাম
জুৰিটোৰ পাৰৰ বকুল জোপাৰ তললৈ ৷
তাতে মই দেখা পাম তাক
আপোনমনে গুণগুণাই ফুল বুটলোতে-
 
 
লুকাই-লুকাই চাই ৰ'ম মই -
দেখিলেই যে সি যাবগৈ আঁতৰি !
সেই কুমলীয়া শিশুটোকে মই চাম ৰৈ
আৰু মাথোঁ চকুৰ চাৱণিৰে সুধিম 
মোৰেই বাতৰি
মোৰ শৈশৱৰ বাতৰি... 
নৈসৰ্গিক