মহাভাৰত ভিত্তিক বচন, প্ৰবাদ, ফকৰা- যোজনা আৰুু জতুৱা ঠাঁচ

মহাভাৰত ভিত্তিক বচন, প্ৰবাদ, ফকৰা- যোজনা আৰুু জতুৱা ঠাঁচ

Mr. Pranab Phukan

বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য মহাভাৰত আমাৰ ভাৰতবৰ্ষৰেই অৱদান ৷ এই মহাকাব্য বিভিন্ন প্ৰান্তীয় ভাষাত অনুদিত হৈছে তথা স্থান, কাল ভেদে কিছু কিছু পৰিবৰ্তনো হৈছে ৷ অসমীয়া ভাষাতো এই মহাকাব্য অনুবাদ কৰিবলৈ অনেক কবিয়ে চেষ্টা কৰিছিল ৷ অনন্ত কন্দলিয়ে মহাভাৰতৰ কিয়দাংশ অসমীয়াত ৰচিছিল ৷ কিন্ত সম্পূৰ্ণ মহাভাৰত অসমীয়াত প্ৰথম ৰচনা কৰে ৰাম সৰস্বতীয়ে কোচ ৰজা নৰনাৰায়ণৰ উদ্যোগত ষোড়শ শতিকাৰ শেষৰ ফালে ৷

মহাভাৰতৰ ঘটনা আৰু চৰিত্ৰ ভিত্তিক যোজনাদিৰ সৃষ্টি সৰ্বতিকালে হৈ আহিছে ৷ আমি আজি তেনে গুটিদিয়েক যোজনা আৰু জটুৱা ঠাঁচৰ ওপৰত ৰেখাপাত কৰিবলৈ চেষ্টা কৰিম ৷ এই যোজনাদি মহাভাৰতৰ ঘটনাক্ৰমে সজাবলৈও চেষ্টা কৰা হৈছে ৷

(১)  অটল শপত লোৱা:
"ভীষ্ম প্ৰতিজ্ঞা"

ৰজা শান্তনুৱে নিষাদ পুত্ৰী সত্যবতীক বিবাহ কৰিব খোজাত নিষাদে সৰ্ত্ত ৰাখিলে যে তেওঁৰ পুত্ৰীৰ গৰ্ভত জন্মা পুত্ৰহে ৰাজপাটত বহিব ৷ ৰজা বিমৰ্ষ মনে ঘূৰি আহিল যদিও ভিতৰে ভিতৰে চটফটাই ৰুগীয়া হ’ল ৷ তেতিয়া পুত্ৰ দেৱব্ৰতই নিষাদৰ কাষলৈ গৈ প্ৰতিজ্ঞা কৰিলে যে তেওঁ কোনোদিনে ৰাজপাটত নবহে আৰু তেওঁৰ সন্তানো যাতে ৰজা হ'ব নোৱাৰে তাৰ বাবে কেতিয়াও বিয়া নকৰাই ৷ এনে অটল প্ৰতিজ্ঞা লোৱাৰ বাবেই তেওঁৰ নাম ভীষ্ম হয় ৷ ভীষ্ম মানে ভীষণ ৷ এতিয়াও কোনোৱে দৃঢ় ভাৱে প্ৰতিজ্ঞা কৰিলে তাক ভীষ্ম প্ৰতিজ্ঞা বোলা হয় ৷

(২) ততালিকে মীমাংসা নকৰিলে সৰু কথাই বিষম ৰূপ ধৰে:
“ফিৰিঙতিৰ পৰাই খাণ্ডৱদাহ”

হোমাগ্নিত বিসৰ্জিত দ্ৰৱৰ ভক্ষণৰ ফলত অগ্নিদেৱতাৰ অৰুচি হোৱাত ব্ৰহ্মাই উপায় দিয়ে যে খাণ্ডৱ বনৰ পশু-পক্ষী খাইহে সেই অৰুচি যাব ৷ ইফালে অৰ্ধ ৰাজ্য লাভৰ পাছত যেতিয়া পাণ্ডৱসকলে ৰাজধানীৰ বাবে ঠাই বিচাৰিছিল তেতিয়া শ্ৰীকৃষ্ণই যমুনা নদীৰ পশ্চিমে থকা খাণ্ডৱ বন দেখুৱাই দিয়ে ৷ এই বন আছিল তক্ষক নাগসকলৰ বসতিস্থল আৰু তাৰ ৰক্ষক আছিল স্বয়ং ইন্দ্ৰদেৱ ৷ গতিকে অৰ্জুন আৰু ইন্দ্ৰৰ মাজত ৰণৰ সৃষ্টি হয় যত অনেক আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ হৈছিল ৷ তাৰে এটা ফিৰিঙতি বনৰ শুকান ডাল-পাতত পৰাত জুই জলি উঠে ৷ এই জুই বিয়পি সমগ্ৰ খাণ্ডৱ বন দাহ কৰে আৰু তাৰ জীৱ-জন্তু সকলো জাহ যায় ৷ ফলত অগ্নিদেৱো সন্তুষ্ট হয় ৷ পাণ্ডৱে তাতে ৰাজধানী সাজি নাম থয় ইন্দ্ৰপ্ৰস্থ ৷ অৰ্থৎ এটা সৰু কথা লগেলগে মিমাংসা নকৰিলে তাৰ পৰা ভুল বুজাবুজিৰ সৃষ্টি হৈ দুজন ব্যক্তি অথবা দুটা পক্ষৰ মাজত শত্ৰুতা বাঢ়ি যায় ৷ সেয়ে তৰ্ক-বিতৰ্ক, মতানৈক্য আলোচনাৰ যোগেদি মীমাংসা কৰি ভৱিষ্যতে কোনো ডাঙৰ বিপদ হোৱাৰ বাট বন্ধ কৰিব লাগে ৷
(৩) ছলনাৰ সহায়ক হোৱা:
"শিখণ্ডি লগা"

কুৰুক্ষেত্ৰ ৰণত অৰ্জুনে শিখণ্ডিৰ আঁৰ লৈ ভীষ্মলৈ শৰ মাৰিছিল। শিখণ্ডি নপুংসক দেখি ভীষ্মই  তেওঁলৈ ঘূৰাই শৰ নেমাৰিলে। সেই অচিলাতে অৰ্জুনে ভীষ্মক শৰেৰে থকা-সৰকা কৰিলে। সেয়ে লোকৰ কূট বুদ্ধিৰ সহায়ক হোৱা, লোকৰ ছলনাৰ সহায়ক হোৱাৰ ক্ষেত্ৰত এই খণ্ডবাক্য প্ৰয়োগ কৰা হয় ৷

(৪) কৌশলেৰে আসৈ মাতি বিপথে নিয়া:
"অশ্বত্থামা হত
কিন্ত্ত ইতি গজ"

কুৰুক্ষেত্ৰ মহাযুদ্ধৰ দশম দিনা সেনাধ্যক্ষ ভীষ্ম পিতামহ শৰাশায়ী হোৱাত গুৰু দ্ৰোণাচাৰ্যই সেই মহাভাৰ লৈ পাঁচ দিন অপৰাজেয় বীৰত্বৰে যুঁজ দিয়ে ৷ যুদ্ধৰ পোন্ধৰ দিনৰ দিনা ভীমে অশ্বত্থামা নামৰ হাতী এটা বধ কৰিলে। দৈৱক্ৰমে দ্ৰোণাচাৰ্যৰ মৰমৰ বীৰ পুত্ৰৰ নামও আছিল অশ্বত্থামা । এই সুযোগতে  কৃষ্ণই সত্যবাদী যুধিষ্ঠিৰৰ মুখে কোৱালে- অশ্বত্থামা হত, অৰ্থাৎ অশ্বত্থামা মৰিল; হঠাৎ যুদ্ধ থলীত কোৰ্হাল হ'ল, তাৰ মাজতে যুধিষ্ঠিৰক কৃষ্ণই সৰুকৈ কোৱালে - কিন্ত ইতি গজ; অৰ্থাৎ ই এটা হাতীহে! ইফালে পুত্ৰ নিধন হোৱা বুলি ভাৱি দ্ৰোণাচাৰ্যই অস্ত্ৰ-শস্ত্ৰ দলিয়াই ধ্যান মগ্ন হৈ ৰ'ল। এই সুযোগতে ধৃষ্টদ্যুম্নই দ্ৰোণাচাৰ্যক নিধন কৰিলে। ইয়াৰ অৰ্থ হ'ল আসৈ মাতি মানুহক বিপথে পৰিচালনা কৰিব বিচৰা।

(৫) নিস্বাৰ্থ ভাৱে দান কৰোঁতা:
"দাতা কৰ্ণ ওলোৱা"

মহাৰথী কৰ্ণ এজন অদ্বিতীয় বীৰৰ উপৰিও মহান দানবীৰ আছিল। তেওঁ 'কবচ কুণ্ডল' পিন্ধিয়েই জন্মগ্ৰহণ কৰিছিল। এবাৰ শ্ৰীকৃষ্ণই ব্ৰাহ্মণৰ বেশত আহি কৰ্ণৰ পুত্ৰ 'বৃষকেতু'ৰ প্ৰাণ বিচৰাত কৰ্ণই নিজ পুত্ৰকো বলি দান দিছিল (পাছত অৱশ্যে শ্ৰীকৃষ্ণই বৃষকেতুক পুনৰ্জীৱন দান কৰিছিল) ৷ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত দেৱৰাজ ইন্দ্ৰই ব্ৰাহ্মণৰ বেশত আহি তেওঁৰ কৱচ কুণ্ডল বিচৰাত কৰ্ণই নিজৰ বিপদৰ কথা জানিও অকাতৰে সেই কৱচ কুণ্ডল দান কৰে। সেই কাৰণে সকলোৱে তেওঁক দাতাকৰ্ণ বুলি কৈছিল। এতেকে, নিজ স্বাৰ্থ ত্যাগ কৰি অকাতৰে দান দিয়াজনক দাতাকৰ্ণ বুলি কোৱা হয়।

(৬) শ্ৰীকৃষ্ণৰ অপাৰ মহিমা - দুষ্টক ছলনা, সন্তক সতবুদ্ধি ৷
"দুৰ্যোধনে কি বুজিব কৃষ্ণৰ ছলনা"

কুৰুক্ষেত্ৰৰ যুদ্ধত ভীষ্ম, দ্ৰোণাচাৰ্য্যকে আদি কৰি কৌৰৱৰ সেনাপতিসকল আৰু কৌৰৱৰ নিৰান্নবৈ ভাতৃ ৰণত নিপাত যোৱাৰ পাছতো অহঙ্কাৰী দুৰ্যোধনে পাণ্ডৱৰ লগত সন্মুখ সমৰত লিপ্ত হ'বলৈ ককাঁলত টঙালি বান্ধিলে আৰু আশীৰ্বাদ লবলৈ মাক গান্ধাৰীৰ ওচৰলৈ গ'ল। গান্ধাৰীয়ে ক'লে- "মই তোমাক আশীৰ্বাদ নিদি শৰীৰত এনে এটা কৱচ পিন্ধাই দিম যে কোনো অস্ত্ৰই তোমাৰ মৃত্যু ঘটাব নোৱাৰিব। তুমি গঙ্গা স্নান কৰি সম্পূৰ্ণ উলঙ্গ অৱস্থাৰে মোৰ ওচৰলৈ আহিবা ৷" দুৰ্যোধনে মাতৃৰ আদেশ শিৰোধাৰ্য্য কৰি গঙ্গাত স্নান কৰি উলঙ্গ হৈ মাকৰ ওচৰলৈ অহা দেখি কৃষ্ণই ছলনা কৰি দুৰ্যোধনৰ বাট আগচি ক'লে -"এজন পূৰ্ণবয়স্ক পুৰুেষ নিজৰ মাতৃৰ সন্মুখত সম্পূৰ্ণ উলঙ্গ হৈ দেখা দিয়াটো কিমান লজ্জাজনক কথা হ'ব ভাবি চোৱাচোঁন।" কৃষ্ণৰ কথাত লাজ পাই দুৰ্যোধনে এখিলা কলপাত ককালত মেৰিয়াই লৈ গান্ধাৰীৰ ওচৰত উপস্থিত হ'লগৈ। গান্ধাৰীয়ে নিজৰ তপস্যা, ভক্তি তথা সতীত্বৰ শক্তি চকুযুৰিত নিবদ্ধ কৰিলে আৰু বিয়াৰ পিছতে বান্ধি লোৱা চকুৰ পটি খুলি দিয়াত এচাটি উজ্জ্বল জ্যোতিৰে দুৰ্যোধনৰ দেহটো এফালৰ পৰা লৌহকঠিন কৰি গ'ল। কিন্তু, ককাঁলত কলপাত পিন্ধি থকা বাবে সেই জ্যোতিয়ে দুৰ্যোধনৰ ককাঁল অংশ পৰশিব নোৱাৰিলে। হতভম্ব হৈ চাই ৰ'ল গান্ধাৰীয়ে। ইতিমধ্যে গান্ধাৰীৰ চকুৰ শক্তি শেষ হৈ গৈছিল। গান্ধাৰীয়ে হতাশাৰে দুৰ্যোধনক কলে-" তোমাক মই অভিশাপ নিদিওঁ, কিন্তু এই কথা নিশ্চিত যে যথা ধৰ্ম্ম তথা জয়।" ইয়াৰ পিছত ৰণস্থলীত দুৰ্যোধনক ভীমে উৰু ভঙ্গ কৰি বধ কৰে ৷ কৃষ্ণই ছলনা নকৰা হ'লে হয়তো কুৰুক্ষেত্ৰ যুদ্ধৰ ইতিহাসেই সলনি হ'লহেঁতেন। এনে সময়োপযোগী ছলনা বুজাবলৈ যোজনাটো ব্যৱহাৰ কৰা হয় ।

(৭) যোগ্যতা অৰ্জন কৰিহে কঠিন কামত হাত দিব লাগে:
"ভীমৰ গদা ঘুৰাবলৈ হ'লে ভীমৰ বল অৰ্জন কৰি ল'ব লাগে"

মহাবলী ভীমৰ গদাটোও ভীমৰ শৰীৰৰ ওজন অনুপাতে গধুৰ। তেনে গদা আনে ঘূৰাবলৈ হ'লে ভীমৰ দৰে শাৰীৰিক শক্তিৰ অধিকাৰী হ'ব লাগিব। অৰ্থাৎ কোনো কাম কৰিবলৈ হ'লে প্ৰথমে সেই কাম কৰাৰ যোগ্যতা আৰু সামৰ্থ্য অৰ্জন কৰিব লাগিব।

(৮) বাহিৰত এটা, অন্তৰত এটা:
"ধৃতৰাষ্ট্ৰ ৰজাৰ মই নুবুজিলো চিৎ, ভিতৰে কালকূট্ বাহিৰে অমৃত"
(চিৎ=চিত্ত, কালকূট্=বিষ)

কুৰুক্ষেত্ৰ ৰণৰ পাছত ধৃতৰাষ্ট্ৰই মৰম কৰিব বুলি ভীমক ওচৰলৈ আহিবলৈ কৈছিল ৷ তেতিয়া ভীমৰ সলনি লৌহ মূৰ্তি এটা আগুৱাই দিলত, অন্ধ ধৃতৰাষ্ট্ৰই তেওঁৰ এশ পুতেকক মৰাৰ আখেজত ভীম বুলি মূৰ্তিটোকে চুৰ্ণ- বিচুৰ্ণ কৰি পেলালে৷ মুখত মৰম দেখুৱাই অন্তৰত শত্ৰুতা পোষণ কৰা বুজাবলৈ এই যোজনা ব্যৱহৃত হয় ৷

(৯) সময়ৰ সোঁতত মহাপৰাক্ৰমী জনো দুৰ্বল হৈ পৰে:
"সেই শৰ, সেই ধনু, সেই ধনঞ্জয়
তথাপি গুৱালৰ ছাল নিবিন্ধয়"

শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত ধনুৰ্ধৰ অৰ্জুন দুৰ্বল হৈ পৰে। সেয়েহে অৰ্জুনৰ শৰে সাধাৰণ গুৱাল এজনকো পৰাস্ত কৰিব নোৱাৰা হ'ল। অৰ্থাৎ সময়ৰ পৰিবৰ্তনৰ ফলত এসময়ৰ ক্ষমতাশালীজনো দুৰ্বল হৈ পৰে।

(১০) অকৃতজ্ঞ:
"কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গোৱা"

অন্নদাতাৰ ওচৰত সদায় কৃতজ্ঞ হ'ব লাগে ৷ তাৰ বিপৰীত কৰি কৃতঘ্নতা দেখুৱালে এইফাঁকি বচন প্ৰয়োগ কৰা হয় ৷ ইয়াৰ সমাৰ্থক হ'ল:
ৰাৱণৰ খাই ৰামৰ গীত গোৱা
বা
ৰামৰ খাই ৰাৱণৰ গুণ গোৱা

যিদৰে ৰামায়ণী প্ৰবাদ, যোজনা আদিয়ে আমাৰ সমাজক প্ৰভাৱিত কৰি আহিছে, সেইদৰে মহাভাৰতীয় যোজনা, খণ্ডবাক্য আদিয়েও আমাক বিভিন্ন দিশত দিক নিৰ্ণায়ক ৰূপে কৰ্তব্যৰ জ্ঞান দি আহিছে ৷ দুয়োখন মহাকাব্য ঋষিসকলৰ অভিজ্ঞতাপুষ্ট; চৰিত্ৰৰ বিশ্লেষণ, ঘটনাৰ পুংখানুপুংখ বিৱৰণ আদিয়ে দুয়োখনকে ভাৰতীয় সমাজত সৰ্বদা সৰ্বোচ্চ স্থান দিছে ৷ অসমীয়া ভাষাত দুয়োখন মহাকাব্যৰ সাৱলীল  ভাঙনি তথা প্ৰান্তীয় ৰূপ প্ৰদানৰ ফলত জনসাধাৰণৰ বাবে সহজবোধ্য হৈ পৰে ৷ মহাকাব্য ভিত্তিক যোজনা, বচন আদি আৰু দুয়োখন মহাকাব্যৰ অনুবাদিত ৰূপে পৰস্পৰ সহায়ক হৈ অসমীয়া ভাষাৰ উন্নতিৰ অনুঘটক হিচাপে প্ৰকাশ পাইছে ৷