Sattriya Baithak - A panel discussion on TAking Sattriya Beyond the Boundaries of Sattra and Assam

Sattriya Baithak - A panel discussion on TAking Sattriya Beyond the Boundaries of Sattra and Assam

দিল্লীবাসী সকলো অসমীয়াৰ বাবে এটি সুখবৰ ৷ "সৎকাৰা"ৰ উদ্যোগত তথা IGNCA, নতুনদিল্লীৰ সহযোগত অহা ১৮ আগষ্ট তাৰিখ দেওবাৰে এখনি সত্ৰীয়া বৈঠকৰ আয়োজন কৰা হৈছে ৷ উক্ত বৈঠকত সত্ৰীয়া নৃত্য জগতৰ জীৱন্ত কিংবদন্তী নৃত্যাচাৰ্য্য,সংগীত নাটক একাডেমি ৰত্ন, পদ্মশ্ৰী গুৰু যতীন গোস্বামীদেৱে মুখ্য আলোচকৰূপে অংশগ্ৰহণ কৰিব ৷

সকলোৰে সহযোগত আমি এখন পেনেল গঠন কৰাৰো আঁচনি হাতত লৈছো ৷ উল্লেখযোগ্য যে ইতিমধ্যে পেনেলৰ মুখ্য সদস্যসকলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷ তেখেতসকল হ’ল ক্ৰমে

(১) শ্ৰীযুত দেৱাশীষ মহন্ত, সাংস্কৃতিক সম্পাদক, অসম এচ’ছিয়েছন, গুৰগাওঁ তথা কাৰ্যনিৰ্বাহক সদস্য, অসম সত্ৰ মহাসভা, নতুন দিল্লী৷
(২) গুৰু শাৰণ ল’ৱেন, ওডিছি নৃত্য বিশাৰদ৷
(৩) শ্ৰীযুত ঋষি কুমাৰ বশিষ্ট, ভাৰপ্ৰাপ্ত মুখ্য প্ৰৱন্ধক, CCRT, নতুন দিল্লী৷
(৪) গুৰু নিশা মহাজন, কথক নৃত্য বিশাৰদ৷
(৫) শ্ৰীযুত গীতাৰ্থ দৰ্শন বৰুৱা, সভাপতি, APWA, নয়দা৷

সেয়েহে সকলো দিল্লীবাসী অসমীয়া ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীসকলক উক্ত বৈঠকত অংশগ্ৰহণ কৰি বহুমূলীয়া দিহা পৰামৰ্শ প্ৰদানেৰে কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ। এই আপাহতে সৎকাৰাৰ তৰফৰ পৰা সদৌটিকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ ৷

“সত্ৰীয়া বৈঠক”ৰ কাৰ্যসূচী তলত দিয়া হ’ল ৷

তাৰিখ:- ১৮ আগষ্ট ২০১৯, দেওবাৰ৷
সময়:- সন্ধিয়া ৫:৩০৷
স্থান :- IGNCA প্ৰেক্ষাগৃহ, নতুন দিল্লী৷
বিষয় :- সত্ৰীয়া সংস্কৃতিক অসম তথা সত্ৰৰ গণ্ডীৰ পৰা উলিয়াই আনি বাহিৰৰ জগতত প্ৰতিষ্ঠিত কৰা৷

Event Date: 
Sunday, August 18, 2019 - 17:30
 Satkara-Unleashing the Spirit of Sattriya in collaboration with IGNCA