Samannay Durga Puja সমন্বয়ৰ শাৰদীয় দূৰ্গাপূজাৰ আয়োজন

Samannay Durga Puja সমন্বয়ৰ শাৰদীয় দূৰ্গাপূজাৰ আয়োজন

সমন্বয়ৰ শাৰদীয় দূৰ্গাপূজাৰ আয়োজন

নতুন দিল্লী -উত্তৰ পশ্চিম দিল্লীস্থ সামাজিক সাংস্কৃতিক অনুস্থান “সমন্বয়ে” বিগত তিনিবছৰৰ দৰে এইবাৰো শাৰদীয় দূৰ্গাপূজা অনুস্থিত কৰিবৰ বাবে সাজু হৈছে । অসম আৰু অসমীয়া জাতিৰ স্বকীয়তা আৰু বৈশিষ্যতা অটুত ৰাখি প্ৰতিবছৰে তেওলোকে অসমৰ পুৰোহিতৰ দ্বাৰা দূৰ্গাপূজাৰ আয়োজন কৰি আহিছে । এইবাৰো পূজাৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুস্থান ,ওজাপালি ,নাম প্ৰসংগ আদিৰ লগত সপ্তমী , অষ্টমী আৰু নৱমীৰ দিনৰ ভাগত কন কন শিশু সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা যেনে চিত্ৰাংকন, আকস্মিক বক্তৃতা, কৱিতা আবৃতি,কুইজ আদি অনুস্থিত কৰিছে। ইয়াৰ লক্ষনীয় দিশটো প্ৰতিযোগিতা সমূহৰ যোগেদি কন কন শিশু সকলৰ মাজত অসমীয়া ভাষাৰ চৰ্চা আৰু উৎকৰ্ষ সাধন কৰা । এইবাৰৰ পূজাৰ বিভিন্ন কাৰ্য্যক্ৰম সমুহ হল -

১৫/১০/২০১৮ ষষ্ঠী ; বেলবৰণ আৰু দেৱীৰ প্ৰতিষ্ঠা ,

১৬/১০/২০১৮ মহা সপ্তমী ; দিনৰ ভাগত ভোগ আৰু সন্ধীয়া সাংস্কৃতিক অনুস্থান

১৭/১০/২০১৮ মহা অষ্টমী ; দিনৰ ভাগত ভোগ , প্ৰতিযোগিতা আৰু সন্ধীয়া সাংস্কৃতিক অনুস্থান

১৮/১০/২০১৮ মহা নৱমী ; দিনৰ ভাগত পুস্পান্জলী, ভোগ আৰু সন্ধীয়া সাংস্কৃতিক অনুস্থান

১৯/১০/২০১৮ বিজয়া দশমী ; মা দূৰ্গাৰ বিষৰ্জন

পূজাৰ স্থল হৈছে প্ৰশান্ত বিহাৰ কমিউনিটি হল, পি ভি আৰ প্ৰশান্ত বিহাৰ সমীপত ,চেক্টৰ -১৪ ,প্ৰশান্ত বিহাৰ ,দিল্লী

কোনো সদাশয় ব্যক্তিয়ে যদি সহায় সহযোগ আগবঢ়াব বিচাৰে ,তেন্তে ড০ নিৰন্জন ভট্টাচায্য, সভাপতি, ৯৮১০৯৫৪৪৮৩ বা ডাঃ চন্দন কুমাৰ ডেকা ,সম্পাদক ,৯৮১৮০৫৬৭৫৪ ক যোগাযোগ কৰিবলৈ কমিটিৰ পৰা অনুৰোধ কৰা হৈছে ।

Event Date: 
Monday, October 15, 2018 - 06:30