পদ্মাৰ শোকগাথা
Primary tabs
Post date:
12/07/2017 - 12:58
বিলাপ:- "কৈক গৈলা স্ৱামী মোক অনাথিনী কৰি..."
সূত্ৰধাৰ:- "এহিমতে পদ্মা সতী ভূমিত পৰিয়া বিলাপ কৰিতে লগিলা....."
শোকগাথা: কুন্তী নন্দন তুমি ?
নহ্য় নহ্য়
সুত পুত্ৰ তুমি ৰাধাৰ তনয়
জাৰজ জাৰজ বুলি জগতে হাহিলে
ক্ষত্ৰিয় বুলি গুৰুৱেও নিন্দিলে
কি অপৰাধ আছিল তোমাৰ ?
মহাসতী কুন্তীৰ ঊন্মাদ প্ৰেমৰ ফলশ্ৰুতি তুমি
তেজস্ৱী ৰবিৰ কামনাৰ ফচল তুমি
কি বিচিত্ৰ জগত এঈয়া
বন্দিত অবৈধ বাসনা মত্ত তোমাৰ জন্মদাতা
আৰু অৱ্হেলিত নিন্দিত তুমি ;নিকৰুণ নিয়তিৰ হাতৰ পুতলা
বন্ধুশ্ৰে্ষ্ঠ তুমি ,দানবীৰ তুমি
হাহিমুখে প্ৰদানিলা কবচ কুন্দল জননীৰ হাতত
যি জননীয়ে জন্ম দিয়েই তোমাক পেলাই দিছিল
মৰণৰ শীতল কোলাত
কিয় নুসুধিলা তুমি পাৰ্থসখাক
কিহৰ বাবে ভিন্ন হ্য় তোমাৰ জীৱনৰ গীতা?
দানবীৰ খ্যাতিৰে অমৰ হবলৈকে আতৰি গলা
এবাৰো নাভাবিলা তুমি পদ্মাৰ কথা
এবাৰো কিয় নাভাবিলা???
ইতিকথা: ভাওনা শেয হ'ল আৰু আমি ঘৰলৈ আহিলো সদায় অহাৰ দৰেই..........
মন্জু ৰাণী
- 3650 reads
