গোলাপৰ স্তৱক

Author: 
dipak's picture

(১)
গোলাপৰ সতেজ এপাহ
হ’লেইবা  তল সৰা
হাতৰ মুঠিত
সানি যায় গোলাপী সুৱাস ৷

(২)
এপাহ চিঙি
সোধো গোলাপক
"কোৱাছোন তোমাৰ বেদনা কিমান ?"
মিচিকি হাঁহিৰে গোলাপে কয়
"তোমাৰ সুখানুভূতিত
লুকুৱাই থওঁ
মোৰ দুখ অভিমান ৷"

(৩)
গোলাপৰ নিচেই কাষতো
কাঁইটৰ হৃদয় শুকান ৷
বহু নিলগতো জীপাল মই ৷
লৈ গোলাপৰ সুৱদী সুঘ্ৰাণ
*********

Rose