প্ৰথম প্ৰবাসী এইচিয়ানৰ মিলন নতুন দিল্লীত অনুস্থিত - Press Release

প্ৰথম প্ৰবাসী এইচিয়ানৰ মিলন নতুন দিল্লীত অনুস্থিত - Press Release

উত্তৰ পুব ভাৰতত উল্লেখণীয় স্থান দখল কৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ১৯৫৫ চনত স্থাপিত হৈ এতিয়ালৈকে সৰ্বাধিক অভিযান্ত্ৰিক লোকক সৃষ্টি কৰাত ভাৰত বৰ্ষত এটা উচ্চ স্থান দখল কৰি আছে । ইমান বছৰে দেশ আৰু বিদেশত কাম কৰি উৎকৃষ্ট সেৱা প্ৰদৰ্শন কৰি এইচিয়ান সকলে ভূয়সী প্ৰসংশা লাভ কৰিছে।
বিভিন্ন দেশ বিদেশত কৰ্মৰত এই এইচিয়ান সকলক একত্ৰিত কৰাৰ মানসেৰে দিল্লী ৰাজধানী অঞ্চলত কৰ্মৰত এইচিয়ান সকলে প্ৰথম প্ৰবাসী এইচিয়ান  সভাৰ আয়োজন ৫ নবেম্বৰত , 2017 কৰিছে। এই উদ্দেশ্যে দিল্লী হাট, মিজোৰাম হাউচ আৰু শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত বিভিন্ন সময়ত তেওঁলোক মিলিত হৈছিল । এই বিশেষ অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰা আৰু সভাত বিষয় চৰ্চা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তাৰোপৰি সমাজৰ বিভিন্ন বিষয়ত অতি পাৰদৰ্শিতা অবদান কৰা এইচিয়ান সকলৰ মাজত "এইচিয়ান সফল ব্যক্তি" সেৱাৰ প্ৰদক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । সভাৰ অনুস্থলিত এটি প্ৰদৰ্শনী স্থলী ত এইচিয়ান ৰ বিশেষ উৎপাদন সমূহৰ প্ৰদৰ্শিত কৰাৰ ব্যৱস্থা কৰা যাব । এই বিষয়ত এটি নতুন ৱেবচাইটৰ উন্মোচন শ্ৰীযুত হৰে কৃষ্ণ দাস দেৱৰ দ্বাৰা ৩০ জুলাইত বহু কেইজন এইচিয়ানৰ উপস্থিত ত শ্ৰীমন্তশঙ্কৰদেৱ ভৱনত  উন্মোচিত কৰা হয়। উক্ত ৱেবচাইট টোত অনলাইন বায়দাতা জমাকৰন,এইচিয়ান সফল বক্তিৰ নামাঙ্কন কৰন, সভাত অংশ গ্ৰহণ ৰ পন্জীকৰণ  আদিৰ ব্যৱস্থা কৰা হৈছে।  সকলো দেশী প্ৰবাসী এইচিয়ানক তেওঁ লোকৰ বায়দাতা ৱেবচাইটৰত অনলাইন ভৰ্তি কৰিবলৈ অনুৰোধ কৰা হৈছে। ইতিমধ্যে কেইবাজনো ব্যক্তি ডাৰেক্টৰী , সফল এইচিয়ান ব্যক্তিৰ নামাঙ্কন হিচাবে ৱেবচাইটৰ ত ভৰ্তি কৰা হৈছে।
 
নতুন দিল্লী, ২ আগষ্ট
প্ৰিয়ংকা
এইচিয়ান@দিল্লী ৰাজধানী অঞ্চলহৈ

Event Date: 
Thursday, August 3, 2017 - 19:45