মন যায়

Author: 
chayanika's picture

মন যায় ধুনীয়া তৰাৰ কাষ পাবলৈ মোৰ মন যায় ফটোগ্ৰাফী কৰিবলৈ মোৰ মন যায় তুলিকাত ৰং সানি আকাৰ বনাবলৈ মোৰ মন যায় আইতাৰ সৈতে নামঘৰ যাবলৈ মোৰ মন যায় তোমাৰ সৈতে বেলি ডুবা চাবলৈ মোৰ মন যায় আগলতি কলাপাতত ভাত খাবলৈ মোৰ মন যায় জেতুকাৰ পাতেৰে হাত বোলাবলৈ মোৰ মন যায় মোৰ মন যায় মোৰ মন যায় পাতল পাতল মেঘৰ মাজত আকাৰ বিচাৰিবলৈ মোৰ মন যায় বৰলুইতৰ বুকুৱেদি বৈ যোৱা নাওঁ চাবলৈ মোৰ মন যায় সেউজীয়া ধাননিৰ মাজত সোণালী ধান বিচাৰিবলৈ কৃষ্টিৰ নানাৰঙী চানেকীত মিলি যাবলৈ মোৰ, মোৰ বৰ মন যায়

মোৰ মন যায়