Invitation to SUKHANUBHUTI –the 5th anniversary of Satkara with classical dance & music” on 1st January 2019 at New Delhi

Invitation to SUKHANUBHUTI –the 5th anniversary of Satkara with classical dance & music” on 1st January 2019 at New Delhi

নতুন দিল্লী ২০ ডিচেম্বৰ - সৰ্বভাৰতীয় পৰ্যায়ৰ আঠটা শাস্ত্ৰীয় নৃত্যধাৰাৰ অসমীয়া নৃত্যধাৰা সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনৰ অন্যতম অগ্ৰণী অনুষ্ঠান “সৎকাৰা” ই (SATKARA : Unleashing the Spirit of SATTRIYA) ইতিমধ্যে পাঁচটা বৰ্ষ সম্পূৰ্ণ কৰিছে আৰু সৎকাৰাৰ পঞ্চম বৰ্ষপূৰ্ত্তি উপলক্ষে অহা ইংৰাজী ১ জানুৱাৰী ২০১৯ তাৰিখে সন্ধিয়া ৬:৪৫ বজাৰ পৰা ৮:৩০ বজালৈ নতুন দিল্লী স্থিত “Stein Auditorium, India Habitat Centre ত “সুখানুভূতি” শীৰ্ষক এটি মনোমোহা শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ বিচিত্ৰানুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ সন্মানীয় কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী(স্বতন্ত্ৰ প্ৰভাৰ) শ্ৰদ্ধাৰ এলফনছ কান্নানথানাম মহোদয়ে উক্ত অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে ৷ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ থাকিব সত্ৰীয়া নৃত্য মীনাক্ষী মেধি , খোল অৰুণাভ মালাকৰ আৰু কথক দীপ্তি গুপ্তা সৎকাৰাই এই উপলক্ষে সকলোকে এই সাংস্কৃতিক অনুষ্ঠানটি উপভোগ কৰিবৰ অৰ্থে আমন্ত্ৰণ জনাইছে আৰু উক্ত দিনা পৰিয়াল তথা বন্ধুবান্ধৱ সমন্বিতে অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ আশা কৰিছে

Event Date: 
Tuesday, January 1, 2019 - 18:30
5th anniversary of Satkara
5th anniversary of Satkara