সাময়িক , অসম এছোচিয়েছন দিল্লীৰ সাহিত্য-সংস্কৃতি বিষয়ক আলোচনীৰ বাবে লিখনি

সাময়িক , অসম এছোচিয়েছন দিল্লীৰ সাহিত্য-সংস্কৃতি বিষয়ক আলোচনীৰ বাবে লিখনি

আগন্তুক মাঘ বিহু সংখ্যা 'সাময়িক'ৰ বাবে আপোনালোকৰ পৰা লেখা বিচাৰিছোঁ ৷ সৃষ্টিশীল ৰচনা (গল্প,
কবিতা) আৰু সময়োপযোগী নিবন্ধৰে আগৰদৰেই সাময়িকখনি প্ৰকাশ পাব ৷ অসমীয়া আৰু ইংৰাজী
আমাৰ সাময়িকৰ ভাষিক মাধ্যম ৷ ২০২১ৰ ২ জানুৱাৰীৰ আগতে আপোনালোকে লেখা সমূহ স্কেন কৰি
b_baruah@rediffmail.com লৈ পঠিয়াই দিব ৷ সম্পাদনা সমিতিৰ দ্বাৰা মনোনিত সকলো লেখাই
সাময়িকত ঠাই পাব ৷ শিশু আৰু চেমনীয়াসকলকো অভিভাৱকসকলে উৎসাহিত কৰিব যাতে তেওঁলোকো
আমাৰ সহযাত্ৰী হ’ব পাৰে ৷ শিশু আৰু কিশোৰ সকলেও যেতিয়া একেখন আলোচনীৰে পাত লুটিয়াব
সেয়েহে লেখকসকলে আৱশ্যকীয় মনোযোগ দিব যাতে লেখা সংযত হয় ৷ চেমনীয়া আৰু শিশুৰ উপযোগী
লেখা ডাঙৰসকলেও লিখিব পাৰিব ৷
লেখা সমূহ পৰিষ্কাৰ আৰু আখৰ স্পষ্ট হোৱা নিতান্ত প্ৰয়োজন ৷ অধিক দীঘলীয়া নকৰি কম কথাৰে
লিখিলে সকলোৰে সুবিধা ৷ নিবন্ধসমূহত আধাৰিত গ্ৰন্থ বা নিবন্ধৰ উল্লেখ কৰিব ৷ প্ৰয়োজনীয়
সম্পাদনা কৰিলে যেন সমালোচনা-মুখৰ হৈ নপৰে ৷ লেখকসকলৰ সৈতে যাৱতীয় যোগাযোগৰ সুবিধাৰ্থে
লেখাৰ সৈতে তেওঁলোকৰ ফোন নম্বৰ দিয়ে যেন ৷
আশা ৰাখিছোঁ 'সাময়িক'খনৰ এটা ডিজিটেল সংস্কৰণো আমি কৰিম ৷ বিজ্ঞাপন আদি যোগাব বিচৰা
সদস্য-সদস্যাসকল অশেষ ধন্যবাদৰ পাত্ৰ হ’ব ৷ তেখেতসকলে সাধাৰণ সম্পাদক মহোদয়ৰ সৈতে
যোগাযোগ কৰিব ৷

শ্ৰদ্ধা আৰু আন্তৰিকতাৰে
ডা° বিপুল কুমাৰ বৰুৱা
সম্পাদক

Event Date: 
Monday, November 30, 2020 - 11:30
samayik