মন যায়

Primary tabs

Author: 
chayanika's picture

মন যায় ধুনীয়া তৰাৰ কাষ পাবলৈ
মোৰ মন যায় ফটোগ্ৰাফী কৰিবলৈ
মোৰ মন যায় তুলিকাত ৰং সানি আকাৰ বনাবলৈ
মোৰ মন যায় আইতাৰ সৈতে নামঘৰ যাবলৈ
মোৰ মন যায় তোমাৰ সৈতে বেলি ডুবা চাবলৈ
মোৰ মন যায় আগলতি কলাপাতত ভাত খাবলৈ
মোৰ মন যায় জেতুকাৰ পাতেৰে হাত বোলাবলৈ

মোৰ মন যায়
মোৰ মন যায়
মোৰ মন যায়
পাতল পাতল মেঘৰ মাজত আকাৰ বিচাৰিবলৈ
মোৰ মন যায় বৰলুইতৰ বুকুৱেদি বৈ যোৱা নাওঁ চাবলৈ
মোৰ মন যায় সেউজীয়া ধাননিৰ মাজত সোণালী ধান বিচাৰিবলৈ
কৃষ্টিৰ নানাৰঙী চানেকীত মিলি যাবলৈ মোৰ,
মোৰ বৰ মন যায়

মোৰ মন যায়